অভিজাত দম্পতীৰ নিৰ্লজ্জ কাণ্ড ! গাত গৰম পানী ঢালি বনকৰা কিশোৰীক নিৰ্যাতন

0
434

অভিজাত দম্পতীৰ নিৰ্লজ্জ কাণ্ড ! গাত গৰম পানী ঢালি বনকৰা কিশোৰীক নিৰ্যাতন

ৰাজ্যত দিনে দিনে বৃদ্ধি পাইছে বনকৰা কিশোৰীক নিৰ্যাতনৰ ঘটনা। শিৱসাগৰৰ পিছত এইবাৰ মৰাণহাটত বনকৰা কিশোৰীক নিৰ্যাতনৰ ঘটনা সংঘটিত হৈছে।

বনকৰা কিশোৰীক নিৰ্যাতন চলোৱাৰ অভিযোগত মৰাণহাটৰ এহাল দম্পতীক নিশা গোলাঘাটত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ জানিব পৰা মতে মৰানহাটৰ শান্তিপুৰৰ এহাল দম্পতীয়ে দীৰ্ঘদিন ধৰি এগৰাকী কিশোৰীক নিৰ্যাতন চলাই আহিছিল ।

আটকাধীন দম্পতীহালৰ নাম নিৰূপম দাস আৰু পিংকী শইকীয়া ।এই সন্দৰ্ভত ভুক্তভোগী কিশোৰীগৰাকীয়ে ২৮ জুলাইত মৰাণহাট আৰক্ষী থানাত গোচৰ দাখিল কৰিছিল ।

কিশোৰী গৰাকীয়ে দিয়া অভিযোগ মতে কিশোৰীগৰাকীৰ গাত দম্পত্তিহালে গৰম পানী ঢালি নিৰ্যাতন কৰিছিল। নিৰূপম দাস সোনাৰী টী ব’ৰ্ডৰ বিষয়া আৰু পত্নী পিংকী শইকীয়া ডিমৌ Sariculture বিভাগৰ এগৰাকী কৰ্মচাৰী ।

বিগত প্ৰায় এবছৰ ধৰি তেওঁলোকৰ ঘৰত বনকৰা ছোৱালী হিচাপে আছিল জোনালী মূড়া নামৰ কিশোৰীগৰাকীয়ে ৷ মৰাণহাটত দিয়াৰ গোচৰৰ ভিত্তিত গোলাঘাট আৰক্ষীয়ে শুক্ৰবাৰে নিশা গোপন সুত্ৰৰ পম খেদি গোলাঘাটৰ চন্দন নগৰত আত্মগোপন কৰি থকা অৱস্থাত দম্পত্তিহালক গ্ৰেপ্তাৰ কৰে।

ঘটনা সন্দৰ্ভত অভিযুক্ত পিংকী শইকীয়াই সকলো অভিযোগ নসাৎ কৰি ষড়যন্ত্ৰ কৰিছে বুলি কৈছে।