তিতাবৰত কৰুণ ঘটনা; নদীত গা ধুবলৈ গৈ নিখোজ হ’ল এগৰাকী যুৱতী

0
1689

যোৰহাট জিলাৰ তিতাবৰত সংঘটিত হৈছে কৰুণ ঘটনা। নদীত গা ধুবলৈ গৈ এগৰাকী যুৱতী সন্ধানহীন হোৱাৰ খবৰে অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, তিতাবৰ কাছজান নদীত গা ধুবলৈ গৈ নিখোজ হৈ পৰে যুৱতী গৰাকী।

সন্ধানহীন যুৱতী গৰাকীৰ নাম খুদী শইকীয়া বুলি জানিব পৰা গৈছে। খুদী শইকীয়াৰ ঘৰ তিতাবৰৰ এলেঙী চাৰিআলিত।

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছতে যোৰহাটৰ পৰা এটা এছ ডি আৰ এফৰ দল ঘটনাস্থলত উপস্থিত হৈ যুৱতী গৰাকীৰ সন্ধানত কাছজান নদীত অভিযান আৰম্ভ কৰে।

অৱশ্যে জানিব পৰা মতে, এতিয়ালৈকে উদ্ধাৰকাৰী দলটোৱে যুৱতীগৰাকীৰ সন্ধান উলিয়াব পৰা নাই।