গুৱাহাটীত জঘন্য ঘটনা ! দলবদ্ধ ধৰ্ষণ কৰি যুৱতী পেলাই থৈ গ’ল বশিষ্ঠত

0
4147

গুৱাহাটীত জঘন্য ঘটনা ! দলবদ্ধ ধৰ্ষণ কৰি যুৱতী পেলাই থৈ গ’ল বশিষ্ঠত

গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে নিশা এক জঘন্য ঘটনা সংঘটিত হৈছে। ১০ জনীয়া এটা যুৱকৰ দলে এগৰাকী যুৱতীক অপহৰণ কৰি ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি যুৱকৰ দলটোয়ে গোৰেশ্বৰৰ হাতীবন্ধাৰ পৰা প্রথমে যুৱতীগৰাকীক অপহৰণ কৰে।

তাৰ পিছত যুৱতী গৰাকীক নিচাযুক্ত টেবলেট খুৱাই ধৰ্ষণ কৰে। ধৰ্ষণ কৰি যুৱতী গৰাকীক বশিষ্ঠৰ ইন্দিৰা নগৰৰ পথত পেলাই থৈ যায়। যুৱতী গৰাকীক স্থানীয় লোকে প্ৰত্যক্ষ কৰাৰ পিছত আৰক্ষীক খবৰ দিয়ে । আৰক্ষীয়ে যুৱতী গৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

বৰ্তমান যুৱতী গৰাকী সুস্থ আছে বুলি জানিব পৰা গৈছে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও বৰ্তমান লৈকে কোনো অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।