
নিজেই নিজৰ জিভা কাটি দেৱী মাক অৰ্পণ কৰিলে যুৱতীয়ে
অন্ধবিশ্বাসৰ এক ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে। এগৰাকী যুৱতীয়ে নিজৰ নিজৰ জিভা কাটি দেৱী দূৰ্গা মাক অৰ্পণ কৰে।
এই ঘটনা মধ্য প্ৰদেশৰ চিন্ধী জিলাৰ। তাৰে এগৰাকী যুৱতীয়ে অন্ধবিশ্বাসৰ বাবে নিজৰ জিভা কাটি দিয়ে। যাৰ ফলত ঘটনাস্থলীতে সংজ্ঞাহীন হৈ পৰে যুৱতীগৰাকী।
খবৰ লাভৰ পাছতে ঘটনাস্থলীত ভিৰ কৰে বহুলোকে। কিন্তু কোনেও সংজ্ঞাহীন হৈ পৰি থকা যুৱতীগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ নিনিয়ে।
ওলোটাই বহু লোকে এনে দৃশ্য দেখাৰ পাছতো মন্দিৰত পূজা অৰ্চনা কৰাত ব্যস্ত হৈ থাকে। ঘটনাৰ খবৰ লাভৰ পাছতে আৰক্ষী আহি উপস্থিত হয় ঘটনাস্থলীত।
পৰিয়ালৰ লোকো ঘটনাস্থলীত উপস্থিত হয়। সকলোৱে মিলি হাস্পতাললৈ লৈ যায় যুৱতীগৰাকীক। পৰিয়ালৰ লোকে জনোৱা অনুসৰি কাটি পেলোৱা জিভাখনো সেই ঠাইতে পৰি আছিল।
বৰ্তমানে যুৱতীগৰাকীৰ অৱস্থা সংকটমুক্ত বুলি সদৰি কৰিছে চিকিৎসকৰ দলে।