
লখিমপুৰৰ নাওবৈছাৰ ২নং বৰচলাত জঘন্য ঘটনা। বিবাহিত লম্পট যুৱকে বলাৎকাৰ কৰিলে দহ বছৰীয়া কিশোৰীক। ঘৰত কোনো নথকাৰ সুযোগ লৈ কিশোৰীগৰাকীক বলাৎকাৰ। এই ঘটনাত অভিযুক্তক সহায় আন দুজন লম্পটৰ।
গুৰুতৰভাৱে অসুস্থ হৈ পৰা কিশোৰীগৰাকীয়ে মৃত্যুৰে যুঁজ দিছে উত্তৰ লখিমপুৰ অসামৰিক চিকিৎসালয়ত। নাওবৈচা আৰক্ষীয়ে আটক কৰিছে মূল অভিযুক্ত বাহাৰুল ইছলামক। বলাৎকাৰৰ ঘটনাত সহায় কৰা আন দুজন অভিযুক্ত সম্প্ৰতি পলাতক।