28 C
Guwahati
Monday, September 26, 2022
More

    প্ৰেমৰ বাবেই যুৱতীয়ে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম ! ৪০০০ কিলোমিটাৰ দুৰৰ পৰা আহি কৰিলে বিয়া

    প্ৰেমৰ বাবেই যুৱতীয়ে গ্ৰহণ কৰিলে ইছলাম ধৰ্ম ! ৪০০০ কিলোমিটাৰ দুৰৰ পৰা আহি কৰিলে বিয়া

    সামাজিক মাধ্যমত কিছুদিন ধৰি এটা প্ৰেম কাহিনী ভাইৰেল হৈ পৰিছে। প্ৰেমৰ বাবেই এগৰাকী যুৱতীয়ে ললে ইছলাম ধৰ্ম। এই প্ৰেম কাহিনীটো পাকিস্তানৰ।

    যুৱক-যুৱতী হালে নিজৰ প্ৰেম কাহিনী সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে। জানিব পৰা মতে পাকিস্তানৰ বাসিন্দা যুৱকজনৰ নাম মহম্মদ আলী গুজৰানৱালা আৰু যুৱতী গৰাকীৰ নাম আৰু পলিনা আৰু তেওঁ ৰাছিয়াৰ বাসিন্দা।

    তেওঁলোকৰ প্ৰেম ইমানেই গভীৰ আছিল যে যুৱক জনৰ বাবে পলিনাই ৪০০০ কিলো মিটাৰ দুৰ ৰাছিয়াৰ পৰা পাকিস্তানলৈ গুচি আহে আৰু ইছলামিক ধৰ্ম গ্ৰহণ কৰে।

    সামাজিক মাধ্যমত মহম্মদ আলীয়ে কয় যে তেওঁ বিদেশলৈ যোৱাৰ সময়ত প্ৰথমে পলিনাক লগ পাইছিল। দুয়োৰে মাজত বহুতো বস্তুৰ মিল আছিল ।

    দুয়োখোজ কাঢ়িবলৈ ভাল পায় আৰু দুয়োজনে নতুন সংস্কৃতি জানিবলৈ আৰু নতুন খাদ্য খাবলৈ ভাল পায়।প্ৰথমে বন্ধুত্ব আৰু পিছলৈ দুয়ো প্ৰেমৰ সম্পৰ্কলৈ আহিছিল।

    তাৎপৰ্যপূৰ্ণভাৱে পলিনাই মহম্মদ আলীৰ সৈতে বিয়াত বহিবৰ বাবে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল। অৱশ্যে, বিবাহৰ আগতে তাই সম্পূৰ্ণৰূপে নাস্তিক আছিল।

    কিন্তু বিবাহৰ বাবে পলিনাই উৰ্দু শিকিছিল আৰু এতিয়া বিয়াৰ পিছত তেওঁ পাকিস্তানতে বাস কৰে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং