26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মুখ্যমন্ত্ৰীক গো মাংস উপহাৰ দিম বুলি কৈ গ্ৰেপ্তাৰ যুৱতী

    মুখ্যমন্ত্ৰীক গো মাংস উপহাৰ দিম বুলি কৈ গ্ৰেপ্তাৰ যুৱতী

    মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক গো মাংস উপহাৰ দিম বুলি কৈ গ্ৰেপ্তাৰ যুৱতী। হোৱাটছ এপত ষ্টেটাছ লগাই মুখ্যমন্ত্ৰীক গো-মাংস উপহাৰ দিম বুলি মন্তব্য কৰিছিল যুৱতীয়ে।

    যি হোৱাটছ এপ ষ্টেটাছৰ স্ক্ৰীণ শ্বট মূহুৰ্ততে ভাইৰেল হৈ পৰে। সেই ভাইৰেল হোৱা ফটোকেই প্ৰমাণ হিচাপে লৈ আৰক্ষীয়ে তদন্ত চলাই যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে।

    সামাজিক মাধ্যমত তুচ্ছ-তাচ্ছিল‍্য মন্তব্য কৰি অৱশেষত গ্ৰেপ্তাৰ হয় যুৱতীগৰাকী। নলবাৰী জিলাৰ নিবাসী যুৱতীগৰাকীক ঈদৰ দিনাই নিজা বাসভৱনৰ পৰা গ্ৰেপ্তাৰ কৰে নলবাৰী আৰক্ষীয়ে।

    সন্ধিয়াৰ সময়ত নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । নলবাৰী উপ আৰক্ষী অধীক্ষক (DSP) জিকি ৰাণী মহন্ত আৰু কমাৰকুছি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনিময় তামুলীৰ নেতৃত্বৰ যোৱা এক আৰক্ষী দলে গ্ৰেপ্তাৰ কৰে যুৱতীগৰাকীক।

    জানিবলৈ পোৱা অনুসৰি যুৱতীগৰাকী বিজেপিৰ সংখ্যালঘু মৰ্চা ( অসম ইউনিট)ৰ প্ৰাক্তন সভাপতিৰ কন্যা । অৱশ্যে এই সন্দৰ্ভত বৰ্তমানলৈ কোনো নিশ্চিতকৰণ হবৰ বাবে তথ্য লাভ কৰা নাই।

    অধিক জানিবৰ বাবে তদন্ত অব্যাহত আছে। লগতে যুৱতীগৰাকীকো সোধপোচ অব্যাহত ৰাখিছে।

    আৰু পঢ়ক : কপিল শৰ্মাইয়ো সুধিছিল, ‘কোনো কাম নকৰাকৈ কেনেকৈ কোটি কোটি টকা উপাৰ্জন’, ৰাজ কুন্দ্ৰাৰ হোৱাটছ এপৰ বাৰ্তাৰো খোলোচা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং