মৰ্মান্তিক ঘটনা; ৩ বছৰীয়া শিশুৰ গুলীত মৃত্যু ঘটিল ৪ বছৰীয়া জ্যেষ্ঠ ভগ্নীৰ

0
2174
প্ৰতিনিধিত্বমূলক চিত্ৰ

আমেৰিকাৰ টেক্সাছত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা। ইয়াত এগৰাকী ৩ বছৰীয়া শিশুৱে চেমি অটোমেটিক গানেৰে চলোৱা গুলীত নিজৰে ৪ বছৰীয়া জ্যেষ্ঠ ভনীয়েকে প্ৰাণ হেৰুওৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

এই ঘটনাক সাধাৰণ লোকে সহজে বিশ্বাস কৰিব পৰা নাছিল যদিও ছোৱালীজনীৰ পৰিয়ালৰ লোকে গুলীটো তেওঁলোকৰেই কন্যাই নিক্ষেপ কৰা বুলি মানি লৈছে।

ইফালে চিএনএনৰ প্ৰতিবেদন অনুসৰি এই ঘটনাটো অজানিতে সংঘটিত হোৱা বুলি প্ৰকাশ কৰিছে।

আনহাতে, হেৰিছ কাউন্টিৰ শ্বেৰিফ এড গনজালেজে কয় যে এগৰাকী তিনি বছৰীয়া ছোৱালীৰ গুলীত এগৰাকী চাৰি বছৰীয়া ছোৱালীৰ মৃত্যু হোৱা বুলি খবৰ লাভ কৰিছিলো। পিছত জানিব পৰা অনুসৰি এই ঘটনাটো অজানিতে সংঘটিত হৈছিল।

এতিয়া আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰু ইয়াৰ পিছতহে এই বিষয়ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনায়।