১৬ বছৰীয়া নাবালিকাক ইনষ্টাগ্ৰামৰ বন্ধুৱে কৰিলে ধৰ্ষণ ! মাকলৈ প্ৰেৰণ কৰিলে জীয়ৰীৰ নগ্ন ফটো

0
57
প্ৰতিনিধিত্বমূলক চিত্ৰ

১৬ বছৰীয়া নাবালিকাক ইনষ্টাগ্ৰামৰ বন্ধুৱে কৰিলে ধৰ্ষণ ! মাকলৈ প্ৰেৰণ কৰিলে জীয়ৰীৰ নগ্ন ফটো

আজিকালি সামাজিক মাধ্যমত বন্ধুত্ব কৰাটো সহজ কথা হৈ পৰিছে। আৰু ইয়াৰ জৰিয়তে বহুসময়ত মানুহৰ মাজত প্ৰেম আৰু বিবাহো কৰাও দেখিবলৈ পোৱা যায়। কিন্তু বহুসময়ত এই ধৰণৰ অনলাইন বন্ধুত্ব অত্যন্ত বিপদজনক বুলি প্ৰমাণিতও হয়।

এনে বন্ধুত্বৰ বাবে কেতিয়াবা প্ৰৱঞ্চনা, হত্যা আৰু ধৰ্ষণৰ খবৰো পোৱা যায়।তেনে এক ঘটনাই এইবাৰ সংঘটিত হৈছে।আৰক্ষীয়ে জনোৱা অনুসৰি দিল্লীৰ কাষৰীয়া গুৰুগ্ৰামৰ এখন হোটেলত এগৰাকী ১৬ বছৰীয়া একাদশ শ্ৰেণীৰ ছাত্ৰীক তেওঁৰ ইনষ্টাগ্ৰাম বন্ধুৱে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

বিষয়টো তেতিয়াহে পোহৰলৈ আহিছিল যেতিয়া অভিযুক্তজনে নাবালিকা গৰাকীৰ নগ্ন ফটো তেওঁৰ মাকলৈ প্ৰেৰণ কৰিছিল আৰু সেইবোৰ সামাজিক মাধ্যমত পোষ্ট কৰিছিল। ভুক্তভোগীৰ মাতৃয়ে দাখিল কৰা অভিযোগ অনুসৰি,তেওঁৰ জীয়ৰীয়ে যোৱা বছৰ ইনষ্টাগ্ৰামত উত্তৰ প্ৰদেশৰ এজন ব্যক্তিৰ সৈতে বন্ধুত্ব কৰিছিল ।

তাৰ পিছতে অভিযুক্তজনে তেওঁৰ জীয়ৰীক গুৰুগ্ৰামৰ এখন হোটেললৈ মাতিছিল আৰু তাত নাবালিকা গৰাকীক ধৰ্ষণ কৰিছিল। তেওঁ লগতে কয় যে যোৱা সপ্তাহত তাইক দুবাৰ হোটেললৈ মাতিছিল।

তেওঁ মোৰ জীয়ৰীৰ অশ্লীল ভিডিঅ’ আৰু ফটো অনলাইনত শ্বেয়াৰ কৰাৰ ভাবুকি দি তাইক লগ কৰিবলৈ হেঁচা দি আছিল। “মঙলবাৰে তেওঁ মোৰ ছোৱালীজনীৰ এখন অশ্লীল ফটো ছচিয়েল মিডিয়াত পোষ্ট কৰিছিল আৰু মোলৈও প্ৰেৰণ কৰিছিল।

যেতিয়া মই মোৰ ছোৱালীক সুধিছিলো,তাই মোক গোটেই বিষয়টোৰ বিষয়ে কৈছিল।” তাৰ পিছতে মহিলা গৰাকীয়ে আৰক্ষীক গোচৰ দিয়ে। আৰক্ষীয়ে তদন্ত কৰি আছে যদিও বৰ্তমান লৈকে অভিযুক্ত জনক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই।