নাপাক পাকিস্তানৰ বিস্ফোৰক স্বীকাৰোক্তি, ”পুলৱামা কাণ্ড পাকিস্তান চৰকাৰৰ সফলতা”

0
827
ফাইল ফটো, Credit_ Reddit

পুলৱামা কাণ্ড পাকিস্তান চৰকাৰৰ সফলতা। এই কথা পাকিস্তানৰ এগৰাকী মন্ত্ৰীয়ে বৃহস্পতিবাৰে সদৰি কৰিলে ৰাষ্ট্ৰীয় বিধানসভাত। ৪০ গৰাকী ভাৰতীয় সেনাৰ জোৱান শ্বহীদ হোৱা ঘটনাটোৰ প্ৰসংগত মন্তব্য প্ৰকাশ কৰি পাকিস্তানে এই ঘটনা সংঘটিত কৰা বুলি তেওঁ ব্যক্ত কৰিছে।

”আমি হিন্দুস্তানত তেওঁলোকৰ স্থানত সোমাই মাৰিলো। আমাৰ পুলৱামাৰ কৃতকাৰ্যতা হৈছে প্ৰধানমন্ত্ৰী ইমৰান খানৰ নেতৃত্বৰ লোকসকলৰ কৃতকাৰ্যতা। আপুনি আৰু আমি সকলো এই কৃতকাৰ্যতাৰ সমভাগী।” এনেদৰে মন্ত্ৰী ফাৱাড চৌধুৰীয়ে ৰাষ্ট্ৰীয় বিধানসভাত মন্তব্য কৰিছে।

উল্লেখ্য যে, পুলৱামাত সংঘটিত বিস্ফোৰণৰ ঘটনাক কেন্দ্ৰ কৰি আজিও অব্যাহত আছে চৰ্চা। তেনে সময়তে এজন মন্ত্ৰীয়ে প্ৰকাশ কৰা এনে মন্তব্যই স্বাভাৱিকতে বিভিন্ন প্ৰতিক্ৰিয়া আৰু ক্ষোভৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, পাকিস্তানে পুলৱামাত এই ঘটনাত সংঘটিত কৰাৰ পিছতে ভাৰতেও বালাকোটত আক্ৰমণ চলাইছিল। তাৰ পিছতে পুনৰ ভাৰতক আক্ৰমণ কৰাৰ বাবে পাকিস্তানে বিমান প্ৰেৰণ কৰিছিল।