32 C
Guwahati
Sunday, September 19, 2021
More

    কেৱল এটা খবৰ দিয়ক ক’ত আছে আৰু লৈ যাওঁক অসম আৰক্ষীৰ পৰা ২ লাখ টকা!

    অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ বাচনি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে কেনেদৰে নিযুক্তিক লৈ বিভিন্ন সময়ত কেলেংকাৰী হয় সেই কথা পোহৰলৈ আহিছে। ইতিমধ্যে কেবাগৰাকী লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে যদিও অৱসৰপ্ৰাপ্ত ডিআইজি তথা এই কাণ্ডৰ মাষ্টাৰমাইণ্ড হিচাপে খ্যাত পি কে দত্ত আৰু সমগ্ৰ ঘটনাৰে নাম সাঙুৰ খাই পৰা বিজেপি নেতা দিবন ডেকাৰ সন্ধান লাভ কৰা নাই তদন্তকাৰী বিষয়াই।

    সোমবাৰে অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানৰ লগতে আন কেবাগৰাকী শীৰ্ষ বিষয়াই সংবাদমেল সম্বোধন কৰি কেবাটাও গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰে। উল্লেখ্য যে, অৱসৰপ্ৰাপ্ত ডিআইজি পি কে দত্ত আৰু বিজেপি নেতা দিবন ডেকাৰ সন্ধান দিলে কোনো লোকে প্ৰতিজনৰ বিনিময়ত ১ লাখ টকা লাভ কৰিব বুলি আৰক্ষীয়ে সদৰি কৰিছে।

    সংবাদমেল সম্বোধন কৰি আৰক্ষী সঞ্চালকপ্ৰধান ভাষ্কৰজ্যোতি মহন্তই কয়, ”উপ পৰিদৰ্শকৰ প্ৰশ্ন কাকত ফাদিল হৈছে বুলি আইজিপি হীৰেণ নাথৰ পৰা জানিবলৈ পাইছিলো। ৱাটছআপত আহিছিল। লগে লগে এছএলপিআৰবি অধ্যক্ষ ছাৰক ফোন কৰি সোধো এনেকুৱা হৈছে নেকি। ছাৰে কলে তেওঁ পৰীক্ষা কৰি আছে। হোৱাে যেন দেখিছে তেওঁ। লগে লগে মোৰ ৰিয়েকশ্যন হ’ল এই পৰীক্ষা বাতিল কৰি দিব লাগে।”

    লগতে বিষয়াগৰাকীয়ে কয়, ”যি কি নহওঁক মুখ্যমন্ত্ৰী মহোদয়ক এই কথা অৱগত কৰালো। মুখ্যমন্ত্ৰী মহোদয়ে এইক্ষেত্ৰত পদক্ষেপ লবলৈ কাঢ়া নিৰ্দেশ দিয়ে। পৰীক্ষা বাতিল কৰিবলৈ নিৰ্দেশ দিয়ে। লগে লগে তেখেতে এছএলপিআৰবিৰ অধ্যক্ষ ছাৰকো এই কথা কয় বুলি মই জানিবলৈ পাইছিলো।”

    উল্লেখ্য যে, অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰিৰ প্ৰসংগত বৰ্তমানলৈকে গুৱাহাটী মহানগৰ আৰক্ষীত এটা আৰু অপৰাধ শাখাত এটা গোচৰ ৰুজু কৰা হৈছে। এতিয়ালৈকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ১৯ গৰাকী লোকক।

    উল্লেখ্য যে, ৫৭৯ টা পোষ্টৰ বাবে ২০ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল পৰীক্ষা। প্ৰশ্ন কাকত ফাদিল হোৱাৰ প্ৰসংগত প্ৰথমে চিআইডিত ২১/২০২০ নম্বৰত আৰু ভাৰতীয় দণ্ডবিধি আইনৰ ১২০ বি আৰু ৪০৬ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈছিল। ঠিক তেনেদৰে তথ্য প্ৰযুক্তি আইনৰ অধীনত ৬৬ বি ধাৰাত গোচৰ ৰুজু হৈছিল। ৰাজ্যিক আৰক্ষী নিযুক্তি বোৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰৰ এফআইআৰৰ ভিত্তিত গোচৰ ৰুজু কৰা হৈছিল।

    পি কে দত্তৰ ঘৰ আৰু হোটেলত চলোৱা অভিযান কালত উদ্ধাৰ কৰা হৈছে বহু গুৰুত্বপূৰ্ণ তথ্য পাতি। বেতকুচিৰ হোটেল ভাৰ্গৱ গ্ৰেণ্ডৰ পৰা ৫ লাখ ৫০ হেজাৰ টকাৰ লগতে পৰীক্ষাৰ বাবে অহা প্ৰাৰ্থীৰ পঞ্জীয়ন পত্ৰ লাভ কৰিছে আৰক্ষীয়ে।

    ঠিক তেনেদৰে লখৰাস্থিত হোটেল ভাৰ্গৱৰ পৰা এখন জ্বলি যোৱা বেনাৰ, ৪৪৫ খন নামভৰ্তিৰ প্ৰ-পত্ৰ আৰু ইংৰাজী আৰু অসমীয়া ভাষাত লিখা উপ পৰিদৰ্শকৰ প্ৰশিক্ষণৰ বিজ্ঞাপন আৰু ধন জমা দিয়া ৰছিদ লাভ কৰিছিল তদন্তকাৰী দলে।

    ঠিক তেনেদৰে পি কে দত্তৰ ঘৰত ১.৫২২ কিলো ওজনৰ সোণৰ গহনা, এটা অনুজ্ঞাপত্ৰৰ ম্যাদ উকলা .৩২ পিষ্টল, ই এডমিট কাৰ্ড ইত্যাদি লাভ কৰিছিল আৰক্ষীৰ দলে। উপ পৰিদৰ্শকৰ চাকৰিত অবৈধভাৱে ভৰ্তি কৰাৰ বাবে প্ৰাৰ্থীৰ পৰা টকা লোৱাৰ লগতে এই সমগ্ৰ প্ৰক্ৰিয়াত পি কে দত্ত জড়িত থকাৰ কথা উদ্ধাৰ হোৱা নথি-পত্ৰৰ পৰাই নিশ্চিত হোৱা বুলি সদৰি কৰিছে অসম আৰক্ষীয়ে।

    এনে পৰিস্থিতিতে অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ চাকৰি ১৫ নৱেম্বৰৰ ভিতৰত অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এতিয়ালৈকে চিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে হীৰকজ্যোতি বৰুৱা, ৰুপম ডেকা, ৰিতুৰাজ বৰা আৰু জয়দ্বীপ বৰুৱাক। অপৰাধ শাখাই গ্ৰেপ্তাৰ কৰিছে প্ৰাঞ্জল কে শৰ্মা, অলকেশ বৈশ্য, প্ৰণৱ বৰা, বিমল থাপা, ধ্ৰুৱজ্যোতি দাস, অশোক দাস, সঞ্জীৱ শৰ্মা, যুগমী ব্ৰহ্ম আৰু কুশল দাসক। নলবাৰী আৰক্ষীয়ে এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে কুলদ্বীপ ৰাজবংশী, মৃদুল বৰ্মণ, পাৰ্থ প্ৰতীপ পাঠক, ধ্ৰুৱজ্যোতি বৰুৱা, সঞ্জীৱ বৰ্মন আৰু হৰকন আলিক।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং