
চিকিৎসক ব্যস্ত ভিডিঅ’ চোৱাত ; জেনেৰেটৰ অপাৰেটৰে কৰিলে ৰোগীৰ চিকিৎসা
বিহাৰৰ পূৰ্ণিয়া জিলাত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে | ভৱানীপুৰ সামূহিক স্বাস্থ্য কেন্দ্ৰ ভাৰপ্ৰাপ্ত চিকিৎসক মৃগেশ কুমাৰৰ সমুখতে জেনেৰেটৰ অপাৰেটৰে ৰোগীৰ চিকিৎসা কৰা দেখা গৈছিল |
যাৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে | দৰাচলতে ভৱানীপুৰ আৰক্ষী থানাৰ ওচৰত এটি পথ দুৰ্ঘটনাত এজন লোক আঘাতপ্ৰাপ্ত হৈছিল|
আৰু তেওঁক চিকিৎসাৰ বাবে স্বাস্থ্য কেন্দ্ৰটোত ভৰ্তি কৰোৱা হৈছিল।
কিন্তু আচৰিত কথা যে মানুহজনক এজন চিকিৎসকে চিকিৎসা কৰা নাছিল |
তাৰ সলনি এজন জেনেৰেটৰ অপাৰেটৰৰ দ্বাৰা চিকিৎসা কৰা হৈছিল।
ঘটনাটো দেখি স্থানীয় লোকে ইয়াৰ এটা ভিডিঅ’ বনাইছিল আৰু ইয়াক ভাইৰেল কৰি দিছিল।
যেতিয়া জেনেৰেটৰ অপাৰেটৰজনে ৰোগীজনৰ চিকিৎসা কৰি আছিল, তেতিয়া কৰ্তব্যৰত ডাঃ মৃগেশে তেওঁৰ ম’বাইলত ভিডিঅ’টো চাই আছিল।
ভিডিঅ’টো পোহৰলৈ অহাৰ পিছত, স্থানীয় স্বাস্থ্য বিভাগে ঘটনাটোক লৈ তদন্ত আৰম্ভ কৰিছে |