উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগদান জেনেৰেল বিপিন ৰাৱাটৰ ভাতৃ কৰ্ণেল বিজয় ৰাৱাটৰ
কিছুদিন পূৰ্বে হেলিকপ্তাৰ দুৰ্ঘটনাত বিয়োগ ঘটা দেশৰ প্ৰথমগৰাকী চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাটৰ ভাতৃ কৰ্ণেল বিজয় ৰাৱাটে আজি বিজেপিত যোগদান কৰে।
আগন্তুক উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণেল বিজয় ৰাৱাটে আজি নতুন দিল্লীত বিজেপিত যোগদান কৰে।
বিজেপিত যোগদান কৰাৰ পাছত বিপিন ৰাৱাটৰ ভাতৃ বিজয় ৰাৱাটে বিজেপিত যোগদান কৰিবলৈ সুযোগ পোৱাটো তেওঁৰ বাবে সৌভাগ্য বুলি মন্তব্য কৰে।
“মোৰ পিতৃয়ো অৱসৰৰ পাছত বিজেপিত যোগদান কৰিছিল আৰু এতিয়া ময়ো বিজেপিত যোগদান কৰিবলৈ সুযোগ লাভ কৰিছো,” সেনা বাহিনীৰ পৰা অৱসৰ গ্ৰহণ কৰা কৰ্ণেল বিজয় ৰাৱাটে এইদৰে কয়।
উল্লেখযোগ্য যে, ২০২১ বৰ্ষৰ শেষৰফালে এক শোকাৱহ ভাৰতীয় বায়ু সেনা বাহিনীৰ হেলিকপ্তাৰ দুৰ্ঘটনাত দেশৰ চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটৰ দেহাৱসান ঘটিছিল।
আৰু পঢ়ক : ব্যাপক ক’ভিড সংক্ৰমণ, পৰ্যটকৰ বাবে বন্ধ কৰি দিয়া হ’ল ওৰাং ৰাষ্ট্ৰীয় উদ্যান