মাজুলীত এটা বান্দৰে হাতযোৰ কৰি মানুহৰ পৰা বিচাৰিলে সহায়! এনে আচৰণত হতভম্ব সকলো

বান্দৰ দেখিলেই মাজুলীৰ একাংশ গাঁৱৰ লোকে মাৰিবলৈ খেদি যোৱাৰ বিপৰীতে মাজুলী বাঘৰ গাঁৱত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী ছবি

0
467

মাজুলীৰ সমগ্ৰ গাঁৱতেই বান্দৰৰ উৎপাত বৃদ্ধি পাইছে। বান্দৰে পথাৰৰ ধান, ভড়ালৰ ধান খাই নিঃশেষ কৰাৰ উপৰিও চৰুৰ ভাত, দাইল গছৰ ওপৰলৈ নি খোৱাৰ অভিযোগ আছে ৷ বান্দৰ দেখিলেই মাজুলীৰ একাংশ গাঁৱৰ লোকে মাৰিবলৈ খেদি যোৱাৰ বিপৰীতে মাজুলী বাঘৰ গাঁৱত দেখিবলৈ পোৱা গৈছে এক ব্যতিক্ৰমী ছবি। বাঘৰ গাঁৱৰ নিৱাসী প্ৰদীপ দাসৰ ঘৰৰ দুৱাৰত টোকৰ পৰিল ঘৰৰ মানুহে আলহী অহা বুলি দুৱাৰ খুলি দেখে দুৱাৰ মুখত আলহীৰ পৰিৱৰ্তে ৰৈ আছে এটা বান্দৰ।

ঘৰৰ মানুহে বান্দৰ দেখি হুলস্থুল কৰি খেদিবলৈ লওঁতেই বান্দৰটোৱে হাতযোৰ কৰি অসহায় ৰূপত ৰৈ থাকে। বান্দৰটোৰ এনে আচৰণত হতভম্ব হৈ পৰে সকলো। বিগলিত হ’ল পৰিয়ালটোৰ অন্তৰ৷ বান্দৰটোৰ শৰীৰৰ নিম্নাংশত যথেষ্ট আঘাতৰ চিন স্পষ্ট। গাঁৱৰ দুই এজন যুৱকক প্ৰদীপ দাসৰ পুত্ৰই সোধাত গম পালে সন্ধ্যা বাঁহ গছৰ ওপৰত এজাক বান্দৰ খেলি আছিল আৰু তাৰ পৰাই তললৈ জঁপিৱাওতে হেঙাৰৰ গুজ সোমাই এই বান্দৰটোৰ শৰীৰ ক্ষত বিক্ষত হৈছিল।

পৰিয়ালটোৰ লগতে স্থানীয় কেইজনমান যুৱকে জুইৰ সেক দি বনদৰৱেৰে বান্দৰটোৰ চিকিৎসা অব্যাহত ৰাখিছে৷ যি সময়ত মাজুলীৰ গাঁৱে ভূঞে কপিকুলৰ অত্যাচাৰত আনকি বাঘৰ গাঁওবাসীও অতিষ্ঠ হৈ পৰিছে তেনে সময়ত প্ৰদীপ দাসৰ পৰিয়াল তথা যুৱকৰ দলটোৰ এই পশুপ্ৰেমক সকলোৱে একমুখে শলাগ লৈছে৷

Photo Credit:@kalpajitsaikia