29 C
Guwahati
Saturday, September 18, 2021
More

    ‘ৰাজনৈতিক বতাহ চাই দৰ্জা টুকুৰিয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই’- গৌৰৱ গগৈ, লগতে বহু কেইটা বিস্ফোৰক মন্তব্য

    ‘ৰাজনৈতিক বতাহ চাই দৰ্জা টুকুৰিয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই’- গৌৰৱ গগৈ, লগতে বহু কেইটা বিস্ফোৰক মন্তব্য : কাজিৰঙাত এক বিশেষ সাক্ষাৎকাৰত বহু কেইটা মন্তব্য আগবঢ়াই কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে। বিজেপি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভতো আগবঢ়াই বহু মন্তব্য। গৌৰৱ গগৈয়ে কয়, ‘ৰাজনৈতিক বতাহ চাই দৰ্জা টুকুৰিয়াই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই’।

    মন্ত্ৰী শৰ্মা কোনোদিনে কোনো দলৰেই বিৰোধত নাছিল আৰু এতিয়াও নাই। যাৰ শাসন আৰু শক্তি থাকে সেই দলতেই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকে। পূৰ্বে কংগ্ৰেছৰ শাসনত কংগ্ৰেছৰ সৈতে, বিজেপিৰ শাসনত বিজেপিৰ সৈতে। এইবাৰ কংগ্ৰেছৰ শাসন আহিব, এইবাৰ পুনৰ কংগ্ৰেছৰ দুৱাৰ টুকুৰিয়াব।

    লগতে সাংসদগৰাকীয়ে কয় যে, ‘নিৰ্বাচনত এইবাৰ কংগ্ৰেছৰ জয় হবই জয় হোৱাটো নিশ্চিত। যিহেতু কংগ্ৰেছে এইবাৰ ৫ টা গেৰাণ্টিৰ সৈতে আহিছে। তাতে আৰু মহাজোঁটৰ মহাশক্তি মিলিত হৈছে। এটাৰ পিছত এটা গল দি আছে কংগ্ৰেছে।’

    মন্ত্ৰী হিমন্ত তথা অন্য নেতা সকলে গৌৰৱ গগৈ সন্দৰ্ভত কোৱা কথাৰ প্ৰত্যুত্তৰ হিচাপে কয় যে, ‘যিয়ে যি কয় কওক, সকলোৰে বাক স্বাধীনতা আছে। মই ইয়াত কাকো বাধা দিব নোৱাৰো। মই ইয়াত কোনো গুৰুত্বই নিদিও, কামেই হৈছে মূল উদ্দেশ্য, ৰাইজেহে প্ৰকৃত মৰম দিয়ে।’

    নিৰ্বাচনী প্ৰাৰ্থী তালিকা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয় যে, এইবাৰৰ প্ৰাৰ্থী তালিকাহেনো আটাইতকৈ শক্ৰিশালী। অন্য দলৰ তুলনাতে হওঁক বা কংগ্ৰেছৰে পূৰ্বৰ তালিকাই হওক এইবাৰ প্ৰাৰ্থী তালিকা শক্তিশালী। সেয়ে জয় নিশ্চিত।

    আনহাতে কংগ্ৰেচে এইবাৰ অসমৰ প্ৰধান সমস্যাৰ ওপৰত চকু দিছে আৰু ইয়াৰ সমাধানৰ বাবেও আশ্বাস দিছে। অৰ্থনৈতিক সমস্যাই হৈছে সকলোতকৈ ডাঙৰ সমস্যা। নিৱনুৱাই চাকৰি বিচাৰি হাইৰান হৈছে।

    গাঁৱে গাঁৱে মহিলাসকলেও মাইক্ৰফাইনেঞ্চৰ ধাৰ পৰিশোধ কৰি কৰি নিজৰ ঘৰটোৱে হেৰুৱাৰ উপক্ৰম হৈছে, কংগ্ৰেছৰ দিনত সেই ঘৰখনেই উন্নতিৰ মুখ দেখিছিল।

    সেয়ে গৌৰৱ গগৈৰ মহিলা সকলৰ সৈতে হোৱা মত বিনিময়ত মহিলা সকলৰ মন্তব্য কংগ্ৰেছেহে ভাল শাসন কৰিব জানে। কংগ্ৰেছে দুখিয়া মানুহৰ হৈ কাম কৰিব জানে, কংগ্ৰেছৰ নেতৃত্বৰ অভিজ্ঞতা আছে,কংগ্ৰেছ আহিলেহে বৰ্তমানৰ সকলো সমস্যাৰ সমাধান হব পাৰিব।

    এইবাৰ সকলোতকৈ অদিক আসন লাভেৰে চৰকাৰ গঠন কৰাতো নিশ্চিত, পিতৃ তথা প্ৰয়াত প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈ থকা হলে ১২৬ খন আসনেই লাভ কৰিলে হেতেন কংগ্ৰেছে।

    কংগ্ৰেছৰ মিত্ৰজোঁট জয় হলে কোন মুখ্যমন্ত্ৰী হব বুলি সোধা প্ৰশ্নত সাংসদ গৌৰৱ গগৈয়ে কয় যে, কংগ্ৰেছ চৰকাৰ আহিবই গতিকে এতিয়া মুখ্যমন্ত্ৰীৰ পদ, আসনৰ কথা চিন্তা কৰা নাই, কোনে কি পদ লাভ কৰিব তাৰ ওপৰতে চিন্তা কৰা নাই। ৫ টা গেৰাণ্টিৰ কেনেকৈ কাৰ্যকাৰিতা কৰিব পাৰি তাৰ ওপৰতহে চিন্তা চৰ্চা দলৰ।

    আৰু পঢ়ক :  মনোনয়ন দাখিল কৰা প্ৰাৰ্থীৰ জ্ঞানৰ নমুনা- সমষ্টিত ভোটাৰৰ সংখ্যা দূৰৰ কথা জিলাৰ আৰক্ষী অধীক্ষকৰ নামেই নাজানে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং