26 C
Guwahati
Saturday, September 18, 2021
More

    ৯ আগষ্টৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা

    ৯ আগষ্টৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ সকলো মহাবিদ্যালয়ৰ ২০২০ বৰ্ষৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা সমূহ ৯ আগষ্ট ২০২১-ৰ পৰা আৰম্ভ হ’ব।

    গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বুধবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰে।

    “ইয়াৰ দ্বাৰা টিডিচি বিএ, বিএছচি, বিকম আৰু বিভিঅ’চি বিভাগৰ ২০২০ বৰ্ষৰ প্ৰথম ষান্মাসিকৰ পৰীক্ষা সমূহ ২০২১ বৰ্ষৰ ৯ আগষ্টৰ পৰা আৰম্ভ হ’ব,” গুৱাহাটী বিশ্ববিদ্যালয়ে বিভাগীয় জাননীত এইদৰে প্ৰকাশ কৰে।

    বিশ্ববিদ্যালয় কৰ্তৃপক্ষই পৰীক্ষাৰ্থী সকলক ২৯ জুলাইৰ পূৰ্বে পৰীক্ষাৰ প-পত্ৰ সমূহ পুৰণ কৰাৰ বাবে অনুৰোধ কৰে।

    উল্লেখযোগ্য যে, কোভিড সংক্ৰমণৰ বাবে সৃষ্টি হোৱা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক পৰ্যায়ৰ বিভিন্ন ষান্মাসিকৰ পৰীক্ষা সমূহ অনুষ্ঠিত কৰিব পৰা নাছিল।

    ইতিমধ্যে, গুৱাহাটী বিশ্ববিদ্যালয়ে স্নাতক তৃতীয় ষান্মাসিকৰ পৰীক্ষা বাতিল কৰিছে। পূৰ্বৰ পৰীক্ষাৰ মূল্যায়নৰ ভিত্তিতে তৃতীয় ষান্মাসিকৰ নম্বৰ সমূহ প্ৰদান কৰা হ’ব।  

    আৰু পঢ়ক : দিল্লীত উত্তৰ-পূবৰ যুৱতীক শ্লীলতা হানিৰ চেষ্টা চলোৱা ৫ গৰাকী পাষণ্ডক গ্ৰেপ্তাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং