
এ আই ইউ ডি এফৰ প্ৰধান তথা অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি বদৰুদ্দিন আজমলে এইবাৰৰ ঈদত ইছলাম ধৰ্মৰ লোকসকলক গৰুৰ কুৰবানী নিদিবলৈ আহ্বান জনোৱা বিষয়টোক লৈ অব্যাহত আছে চৰ্চা।
বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰি থকাৰ সময়তে অৱশেষত কুৰবানিক লৈ ৰায় প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
এইবাৰৰ ঈদত গৰু কুৰবানি দিব পাৰিব নে নাই তাক লৈ মুছলমান লোকসকলৰ মাজত অব্যাহত থকা উৎকণ্ঠাৰ অৱসান ঘটাই গুৱাহাটী উচ্চ ন্যায়ালয়ে ইয়াক অনুমতি প্ৰদান কৰে।
গো সুৰক্ষা আইন ভংগ নকৰাকৈ কুৰবানিৰ অনুমতি প্ৰদান কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে। ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ পিছত আদালতে এই ৰায় প্ৰদান কৰে।
অধিবক্তা হাফিজ ৰচিদ আহমেদ চৌধুৰীয়ে সংবাদমেলযোগে এই কথা জানিব দিয়ে।
অধিবক্তা চৌধুৰীয়ে কয়, ‘চৰকাৰে জাৰি কৰা এছ অ’ পিৰ পিছত মুছলমান ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল আৰু সেয়ে আমি আদালতত ইয়াৰ স্পষ্টীকৰণ বিচাৰিছিলো যে মানুহে কুৰবানি দিব পাৰিব নে নাই। আৰু আজি আদালতে কৈছে যে কুৰবানি দিয়াত বাধা নাই’।