
অসম আৰক্ষীৰ উপ-পৰিদৰ্শক কেলেংকাৰীৰ অন্যতম অভিযুক্ত দিবন ডেকাৰ জামিন আবেদন পুনৰ নাকচ কৰা হৈছে। আজি বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰিলে দিবন ডেকাৰ জামিন।
ইফালে এই কেলেংকাৰীত অভিযুক্ত হীৰা চৌধুৰীসহ তিনিজনৰ জামিন মঞ্জুৰ কৰে আদালতে।
জানিব পৰা মতে, ইতিমধ্যেই এই কেলেংকাৰী গোচৰৰ চাৰ্জ ফ্ৰেম সম্পন্ন হৈছে আৰু আদালতত বৰ্তমান বিচাৰ প্ৰক্ৰিয়া চলি আছে।
উল্লেখ্য যে আৰক্ষীৰ উপ-পৰিদৰ্শক নিযুক্তিৰ প্ৰশ্নকাকত ফাদিল কেলেংকাৰীত নাম সাঙোৰ খাই পৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ২০২০ বৰ্ষৰ ৩০ ছেপ্তেম্বৰৰ নিশা গ্ৰেপ্তাৰ কৰিছিল দিবন ডেকাক।
গ্ৰেপ্তাৰ হোৱাৰ দিনৰ পিছৰে পৰা তেওঁ এই পৰ্যন্ত জেইলতে আবদ্ধ হৈ আছে। ইয়াৰ পূৰ্বেতেও তেওঁৰ জামিন আবেদন নাকচ হৈছিল।