ৰেহাই নাপায়! ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে

0
1007

ৰেহাই নাপায়! ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

অসমৰ ২০০৮ চনৰ ধাৰাবহিক বোমা বিস্ফোৰণৰ গোচৰত অভিযুক্ত আছিল ৰঞ্জন দৈমাৰী। সেই গোচৰৰে যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখিলে হাইকোৰ্টে। আজি চি বি আইৰ আদেশ বাহাল ৰাখিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

সেই ক’লা দিনটো আছিল ২০০৮ চনৰ ৩০ অক্টোবৰৰ। দুপৰীয়াৰ সময়ত মাত্ৰ ১৫ মিনিটৰ ভিতৰতে গুৱাহাটী, বৰপেটা ৰ’ড, বঙাইগাঁও আৰু কোকৰাঝাৰ বহু অঞ্চল কঁপি উঠিছিল।

কান্দি উঠিছিল ৰাজ্যৰ লাখ লাখ জনতাই। নিমিষতে শেষ হৈ গৈছিল একো একোখন ঘৰ। কোনোৱে অটো চলাবলৈ বুলি ওলাই গৈছিল, কোনোৱে বজাৰ কৰা মোনা লৈ গৈছিল। কোনো শিশুৱে পিতৃৰ হাতত ধৰি বিদ্যালয়ৰ পৰা উভতি আহিছিল।

কিন্তু মুহুৰ্ততে সকলো শেষ। উফৰি পৰিছিল বহুজনৰ হাত অথবা ভৰি। কাৰোবাৰ শৰীৰৰ চিন-মোকাম নোহোৱা হৈ পৰিছিল। বিদ্য়ুতৰ তাঁৰত উলমি ৰৈছিল তেজ টোপা টোপে পৰি থকা মাংসপিণ্ড।

এম্বুলেঞ্চৰ লগতে যিয়ে যেনেকৈ পাৰে আহত সকলক কোনোৱে কোলাত কৰি, কোনোৱে ঠেলাত উঠাই কেৱল দৌৰ দিছিল হাস্পতাললৈ বুলি।

গুৱাহাটীৰ মুখ্য তিনি ব্যস্ত ঠাই পানবজাৰ, ফাঁচী বজাৰ আৰু গণেশগুৰি কপাঁই তুলিছিল। কোকৰাঝাৰতো তিনিটা বোমা বিস্ফোৰণ হৈছিল। বৰপেটা ৰ’ডত দুটা বোমা আৰু বঙাইগাঁৱত এটা বোমাৰ বিস্ফোৰণ ঘটিছিল।

এটা দুটা নহয় চৰকাৰী তথ্য অনুসৰি ১০ টা আৰু অন্যান্য প্ৰতিবেদনসমূহৰ তথ্য অনুসৰি ১৮ টা কৈ বোমা বিস্ফোৰণে কঁপাই তুলিছিল সমগ্ৰ অঞ্চল।

যি বিস্ফোৰণৰ ফলত কমেও ৮৮ গৰাকী নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল, লগতে আহত হৈছিল ৫৪০ জনতকৈয়ো অধিক লোক।

গুৱাহাটীত ৪১ জন, কোকৰাঝাৰত ২১জন আৰু বৰপেটা ৰ’ডত ১৫ জন মানুহৰ মৃত্যু হৈছিল। নৱেম্বৰৰ ২ তাৰিখে আৰু ৪ জন আহত লোকে মৃত্যুক সাৱটি লয়।

আহতৰ ভিতৰত পুনৰ ৩ জনৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আৰু আন এজনৰ বশিষ্ঠ সামৰিক চিকিৎসালয়ত দেহাৱসান ঘটিছিল।

সেই ভয়ংকৰ আক্ৰমণৰে আঁৰত আৰম্ভণিতে কোনো মুছলিম উগ্ৰপন্থীৰ কাম বুলি সন্দেহ কৰা হৈছিল। কিন্তু পাছলৈ এন ডি এফ বি (ৰঞ্জণ দৈমাৰী গোট) জড়িত আছিল বুলি নিশ্চিত হয়।

শেষত বহু তদন্তৰ অন্তত ২০১৯ৰ ৩০ জানুৱাৰী তাৰিখে চি বি আইৰ বিশেষ আদালতে উগ্ৰপন্থী নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বড়োলেণ্ডৰ (এনডিএফবি-আৰ) অধ্যক্ষ ৰঞ্জন দৈমাৰী আৰু আন ৯ জনক ২০০৮ চনৰ অক্টোবৰত সংঘটিত ভয়ংকৰ ধাৰাবাহিক বোমা বিস্ফোৰণত আজীৱন কাৰাদণ্ড ৰায় দিয়ে।

আন চাৰিজনক বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ কিছুমান ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰি পাঁচৰ পৰা সাত বছৰ কাৰাবাস দিয়ে।

দৈমাৰীৰ উপৰি যাৱজ্জীৱন কাৰাদণ্ড হোৱা বাকী কেইগৰাকী হৈছে- জৰ্জ বডো, অজয় বসুমতাৰী, খৰ্গেশ্বৰ বসুমতাৰী, ৰাজেন্দ্ৰ গয়াৰী, বৈশাগী বসুমতাৰী, ৰাজু সৰকাৰ, মথুৰাম ব্ৰহ্ম আৰু প্ৰভাত বড়ো।

ৰঞ্জন দৈমাৰী, জৰ্জ বড়ো, অজয় বসুমতাৰী, খৰ্গেশ্বৰ বসুমতাৰী, ৰাজেন্দ্ৰ গয়াৰী, ওনচাই বড়ো, লোকৰা বসুমতাৰী, ইন্দ্ৰ ব্ৰহ্ম, বৈশাগী বসুমতাৰী, আৰু ৰাজু সৰকাৰ।

ইফালে, উচ্চ ন্যায়ালয়ে ওনছাই বড়ো, লক্ৰা বসুমতাৰী, ইন্দ্ৰ ব্ৰহ্ম, জয়ন্ত ব্ৰহ্মৰ লগতে শৰণীয়াক দোষী সাব্যস্ত হোৱা গোচৰ বাতিল কৰে।