
২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ সময়ত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী আচৰণ বিধি ভংগ কৰা সম্বন্ধীয় গোচৰটো খাৰিজ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে।
জানিব পৰা মতে, আজি চৰকাৰৰ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে মূল গোচৰটো খাৰিজ কৰে।
উল্লেখ্য যে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰি হিমন্ত বিশ্ব শৰ্মাই ২০১৯ লোকসভা নিৰ্বাচনৰ সময়ত এটা চেটেলাইট নিউজ চেনেলক সাক্ষাৎকাৰ দিয়া সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এক অভিযোগৰ ভিত্তিত নিৰ্বাচন আয়োগে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল।
সেই অভিযোগৰ ভিত্তিতেই নিৰ্বাচন আয়োগে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত এটা গোচৰ তৰিছিল। সেই গোচৰৰ পৰিপ্ৰেক্ষিততে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে বিগত ২৫ ফেব্ৰুৱাৰীত ড৹ শৰ্মাক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল।
কিন্তু মুখ্যমন্ত্ৰী শৰ্মা আদালতত উপস্থিত নোহোৱাত আদালতে তাৎক্ষণিকভাৱে তেওঁৰ বিৰুদ্ধে জামিনযোগ্য গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছিল।
আদালতৰ এই কঠোৰ পদক্ষেপ দেখি ড০ শৰ্মাৰ অধিবক্তা আদালতত উপস্থিত হৈ বিভিন্ন কাৰণ দৰ্শাই তেওঁৰ বিৰুদ্ধে জাৰি কৰা গ্ৰেপ্তাৰী পৰোৱানা প্ৰত্যাহাৰৰ আবেদন জনায়।
ইযাৰ পিছতে আদালতে গ্ৰেপ্তাৰী পৰোৱানা প্ৰত্যাহাৰ কৰি ড০ শৰ্মাক ২০০০ টকাৰ জৰিমনা বিহি পুনৰ আদালতত হাজিৰ হ’বলৈ আন এক তাৰিখ বান্ধি দিয়ে।
কিন্তু ইয়াৰ পিছত মুখ্যমন্ত্ৰী শৰ্মাই কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ উক্ত নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালত এটা গোচৰ ৰুজু কৰে। আৰু সেই গোচৰৰ শুনানী গ্ৰহণ কৰি আজি উচ্চ ন্যায়ালয়ে গোচৰটো খাৰিজ কৰে।