35 C
Guwahati
Saturday, October 1, 2022
More

    গৃহৰক্ষী জোৱানৰ দৰমহা ২৩,০২৩ টকাকৈ প্ৰদানৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ

    সুদীৰ্ঘ সময় ধৰি নিজৰ ন্যায্য প্ৰাপ্তিৰ দাবীৰে আন্দোলন কৰি অহা অসমৰ গৃহৰক্ষী জোৱানসকলক উচ্চতম ন্যায়ালয়ৰ নীতি-নিৰ্দেশনা অনুসৰি মাহিলি ২৩,০২৩ টকা দৰমহা প্ৰদান কৰিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰিছে।

    ইয়াৰ উপৰি গৃহৰক্ষীসকলৰ বৰ্ধিত হাৰত দৰমহা প্ৰদানৰ প্ৰক্ৰিয়া তিনি মাহৰ ভিতৰত চৰকাৰে সম্পূৰ্ণ কৰিব লাগিব বুলিও উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মাইকেলল যথানখুমাৰ এজনীয়া বিচাৰপীঠে নিৰ্দেশ দিয়ে।

    গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশে গৃহৰক্ষী জোৱানসকললৈ আনিছে সুখবৰ।

    ৰাজ্যত বৰ্তমান ২৪৬৯৬ গৰাকী গৃহৰক্ষী জোৱান আছে। এই জোৱান সকল ৰাজ্যৰ বিভিন্ন থানাসমূহত কৰ্মৰত হৈ আছে।

    উল্লেখ্য যে গৃহৰক্ষী জোৱান ক্ৰমে কামাখ্যা দাস, ইক্ৰাম আলী, দীপক তিৱাৰী, জিতেন্দ্ৰ চন্দ্ৰ বৰ্মনে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈ ডব্লিউ পি (চি) ৪২৬৭/২০২০ নম্বৰৰ এখন লেখ আবেদন দাখিল কৰিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং