জিন্স পিন্ধাৰ বাবেই উচ্চ ন্যায়ালয়ৰ পৰা উলিয়াই দিলে জ্যেষ্ঠ অধিবক্তা বিজন মহাজনক

0
235
জ্যেষ্ঠ অধিবক্তা বিজন মহাজনৰ ফাইল ফটো।

ৰাজ্যৰ এগৰাকী আগশাৰীৰ তথা জ্যেষ্ঠ অধিবক্তা বিজন মহাজনে শুকুৰবাৰে সন্মুখীন হয় এক অবাঞ্চিত ঘটনাৰ। জানিব পৰা মতে, জ্যেষ্ঠ অধিবক্তাগৰাকীক আদালতৰ পৰা উলিয়াই দিয়া হৈছে।

জিন্স পৰিধান কৰি আদালতত হাজিৰ হোৱা বাবে ন্যায়াধীশে এক নিৰ্দেশনাযোগে আদালত চৌহদৰ পৰা উলিয়াই দিয়ে অধিবক্তাগৰাকীক।

প্ৰাপ্ত খবৰ অনুসৰি, জ্যেষ্ঠ অধিবক্তাগৰাকীক আৰক্ষীৰ দ্বাৰা আদালত চৌহদৰ পৰা উলিয়াই দিয়া হয়।   

আদালতে নিৰ্দেশনাটোত কয় যে বিষয়টো স্থগিত ৰখা হৈছে কাৰণ আবেদনকাৰীৰ অধিবক্তা বি কে মহাজনে জিন্স পেণ্ট পিন্ধি আহিছে। সেয়ে উচ্চ ন্যায়ালয়ৰ চৌহদৰ পৰা বাহিৰ কৰি দিবলৈ আৰক্ষী জোৱানক কোৱা হৈছিল।

বিষয়টো সন্দৰ্ভত মুখ্য ন্যায়াধীশৰ লগতে মহাপঞ্জীয়কৰ দৃষ্টি গোচৰ কৰাৰ উপৰি বিষয়টো অসম, নাগালেণ্ড, মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ বাৰ কাউন্সিলৰ দৃষ্টিগোচৰ কৰা হৈছে বুলি নিৰ্দেশনাটোত উল্লেখ আছে।

অৱশ্যে বিজন মহাজনৰ লগত সংঘটিত এই ঘটনাটো সন্দৰ্ভত এতিয়ালৈকে একো মন্তব্য কৰা নাই অধিবক্তাগৰাকীয়ে।