জৰুৰীকালীন চিকিৎসা সেৱাৰ ক্ষেত্ৰত নতুন আঁচনি মুকলি গুৱাহাটী গেট হস্পিটেলৰ

0
1861
জৰুৰীকালীন চিকিৎসা সেৱাৰ ক্ষেত্ৰত নতুন আঁচনি মুকলি গুৱাহাটী গেট
ফটো সৌজন্য-ইণ্টাৰনেট

জৰুৰীকালীন চিকিৎসা সেৱাৰ ক্ষেত্ৰত নতুন আঁচনি মুকলি গুৱাহাটী গেট হস্পিটেলৰ

সামাজিক দায়বদ্ধতাৰ দিশত গুৱাহাটীৰ গেট হস্পিটেলে আন এক নতুন খোজ আগবঢ়াইছে।

গুৱাহাটী গেট হস্পিটেলে অসমবাসী ৰাইজৰ সুবিধাৰ্থে কনক চন্দ্ৰ পাঠক মেমৰীয়েল ট্ৰাষ্টৰ সহযোগত সহানুভূতি নামেৰে এক আঁচনি আৰম্ভ কৰিছে।

মূলত অসমৰ ৰাইজক উন্নত জৰুৰীকালীন চিকিৎসা সেৱা প্ৰদান কৰাৰ লক্ষ্যৰে স্থাপন কৰা গেট হস্পিটেলত জৰুৰীকালীন অৱস্থাত গেট হস্পিটেলত আই চি য়ুত ভৰ্তি হোৱা ৰোগীৰ বাবে প্ৰথম ২৪ ঘণ্টাত সম্পুৰ্ণ বিনামূলীয়া চিকিৎসা সেৱাৰ লগতে অক্সিজেন, ভেণ্টিলেটৰ খৰছ আদি সকলো বিনামূলীয়াকৈ দিয়াৰ ব্যাৱস্থা কৰা হৈছে উক্ত আঁচনিৰ জৰিয়তে।

এই আঁচনিয়ে সকলো স্তৰৰ ৰোগীকে সামৰি ল’ব বুলিও হস্পিটেল কৰ্তৃপক্ষই লগতে উল্লেখ কৰিছে।

সহানুভূতি আঁচনি উন্মোচনৰ পাছতে এই আঁচনিৰ সুবিধা সন্দৰ্ভত গেট হস্পিটেল কৰ্তৃপক্ষই ১ ছেপ্তেম্বৰত ১১ বজাত এখন সংবাদমেল সম্বোধন কৰিব।

কনক চন্দ্ৰ মেম’ৰীয়েল ট্ৰাষ্টৰ সহযোগত গেট হস্পিটেলে মুকলি কৰিবলৈ লোৱা এই আঁচনিৰ সুফল যাতে সকলোৱে লাভ কৰে তাৰ বাবে সকলো স্তৰৰ ৰাইজৰ সহযোগ কামনা কৰিছে হস্পিটেল কৰ্তৃপক্ষয়।

আৰু পঢ়ক : তৃণমূল কংগ্ৰেছত যোগদান বিজেপি বিধায়ক তন্ময় গুহৰ