33 C
Guwahati
Monday, September 26, 2022
More

    কৰম পূজাত অঘটন, কেইবাশতাধিক লোকৰ উপস্থিতিতেই হঠাতে বিস্ফোৰণ চিলিণ্ডাৰ, এজনৰ ঠাইতে মৃত্য়ু

    কৰম পূজাত অঘটন, কেইবাশতাধিক লোকৰ উপস্থিতিতেই হঠাতে বিস্ফোৰণ চিলিণ্ডাৰ, এজনৰ ঠাইতে মৃত্য়ু। আন কেইবাজনো আহত হয় এই ঘটনাৰ ফলত।

    নিশা বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিছাত অনুষ্ঠিত কৰম পূজাত এই অঘটন। বেলুনত ভৰোৱা গেছ চিলিণ্ডাৰ বিস্ফোৰণ হৈ যুৱকৰ কৰুণ মৃত্যু।

    মৃত যুৱক গৰাকীৰ নাম বীৰবল ৰায়(২১) বুলি জানিব পৰা গৈছে। বীৰবলৰ ঘৰ পুৰণি বঙাইগাঁৱত। নিশাই যুৱকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

    আনহাতে এই ঘটনাৰ ফলত আন তিনিগৰাকী লোক আহত হয়। আহত কেইগৰাকীক নিশাই হাস্পতালত ভৰ্তি কৰোৱা হয়।

    ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, বেলুনত ভৰোৱা গেছৰ চিলিণ্ডাৰ এটা বিস্ফোৰণ ঘটে পূজাস্থলীত। সেই সময়ত চলি আছিল সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচী।

    সাংস্কৃতিক মঞ্চৰ পৰা কিছু আঁতৰতে হয় বিস্ফোৰণ। আনহাতে সাংস্কৃতিক সন্ধিয়াত উপস্থিত আছিল কেবা শতাধিক দৰ্শক। পাছে ভাগ্য়ক্ৰমে ৰক্ষা পৰে বহু লোক।

    ঘটনাটোৱে বঙাইগাঁৱত শোকৰ ছাঁ পেলাইছে।

    Input and Photo – Uttam Kumar Barman

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং