৩৩ টা হত্যাকাণ্ডৰ বাবে ১৩১০ বছৰ কাৰাবাস ! এইখন দেশত এজন গেংষ্টাৰক দিলে এই ভয়ংকৰ শাস্তি

0
1

৩৩ টা হত্যাকাণ্ডৰ বাবে ১৩১০ বছৰ কাৰাবাস ! এইখন দেশত এজন গেংষ্টাৰক দিলে এই ভয়ংকৰ শাস্তি

বিভিন্ন অপৰাধৰ লগত জড়িত বহু অপৰাধীক হয়টো ফাঁচি বা যাবজ্জীবন কাৰাদণ্ড দিয়া শুনিছে। কিন্তু এইবাৰ এজন অপৰাধীক ১৩১০ বছৰৰ কাৰাদণ্ড দিয়া হৈছে।

দৰাচলতে লেটিন আমেৰিকাৰ দেশ এল ছালভাডৰত ৩৩ টা হত্যা, নটা হত্যাৰ ষড়যন্ত্ৰ আৰু আন কেইবাটাও অপৰাধমূলক কাৰ্যকলাপৰ বাবে দোষী সাব্যস্ত হোৱা এজন অপৰাধীক ১৩১০ বছৰৰ শাস্তি প্ৰদান কৰা হৈছে। উইলমাৰ চেগোভিয়া নামৰ এই অপৰাধী জন এমএছ-১৩ দলৰ সদস্য আছিল।

উইলমাৰৰ উপৰিও আন এজন গেংষ্টাৰ মিগুৱেল এঞ্জেল পোৰ্টিলোকো ২২ টা হত্যাকাণ্ডৰ বাবে ৯৪৫ বছৰৰ শাস্তি দিয়া হৈছে। এল ছালভাডৰত কঠোৰ শাস্তি দেশখনৰ ৰাষ্ট্ৰপতি নাইব বুকেলে দেশখনত উত্থাপন হোৱা এই দলবোৰৰ বিৰুদ্ধে প্ৰচাৰ চলাবলৈ এই প্ৰচেষ্টা লৈছে ।

বহুতো বিপদজনক অপৰাধী দেশখনৰ কাৰাগাৰত বৰ্তমান বন্দী হৈ আছে। কেইদিনমান আগতে, চৰকাৰে হাজাৰ হাজাৰ অপৰাধীক এখন বৃহৎ কাৰাগাৰলৈ স্থানান্তৰিত কৰা এটা ভিডিঅ’ভাইৰেল হৈছিল। অপৰাধী দুজনক শাস্তি প্ৰদান কৰাৰ এই তথ্য দেশখনৰ ৰাষ্ট্ৰপতি গৰাকীয়ে নিজেই টুইট কৰিছে।