
কোকৰাঝাৰ জিলাৰ চালাকাটি আৰক্ষী থানাৰ অন্তৰ্গত কোনো এক অঞ্চলত সোমবাৰে সন্ধিয়া এগৰাকী ১৬ বছৰীয়া কিশোৰীক তিনিজন পাষণ্ডই ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে।
জানিব পৰা অনুসৰি, সন্ধিয়া কিশোৰীগৰাকীয়ে এখন দোকানৰ পৰা ঘৰলৈ উভতি যোৱাৰ পথত পাষণ্ড তিনিজনে কিশোৰীগৰাকীক বলপূৰ্বকভাৱে নিৰ্জন ঠাইলৈ লৈ যায় আৰু উপৰ্যুপৰি ধৰ্ষণ কৰে।
ধৰ্ষণকাণ্ডৰ এই সমগ্ৰ ঘটনা গাপ দি ৰাখিবলৈ ধৰ্ষণকাৰী কেইজনে কিশোৰীগৰাকীক ধমক দিয়া বুলিও জানিব পৰা গৈছে।
অৱশ্যে পিছত কিশোৰীগৰাকীয়ে সমস্ত ঘটনা পৰিয়ালৰ লোকৰ আগত সদৰী কৰাত পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰে।
অভিযোগ লাভ কৰাৰ পিছতে আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান আৰম্ভ কৰে আৰু কিশোৰীগৰাকীৰ ভাষ্য অনুসৰি আৰক্ষীয়ে ধৰ্ষণকাণ্ডত জড়িত থকা তিনিওজন অভিযুক্তকে গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে।
ধৃত অভিযুক্ত কেইজনৰ বিৰুদ্ধে পকচো আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।
উল্লেখ্য যে, কোকৰাঝাৰ জিলাত ধৰ্ষণৰ দৰে ঘটনা অধিক হাৰত বৃদ্ধি পাবলৈ ধৰাক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰশাসন তথা সচেতন ৰাইজ। জিলাখনত চলিত মাহত তৃতীয়বাৰৰ বাবে ধৰ্ষণৰ দৰে ঘটনা পোহৰলৈ আহিছে।