তিনি যুৱকৰ বিৰুদ্ধে কিশোৰীক দলবদ্ধ ধৰ্ষণৰ গুৰুতৰ অভিযোগ, তিনিওকে আটক আৰক্ষীৰ

0
877
অসমৰ যুৱতীক ৰাজস্থানত দলবদ্ধ ধৰ্ষণ, পাছত ধৰা পৰাৰ ভয়ত যুৱতীক

তিনি যুৱকৰ বিৰুদ্ধে কিশোৰীক দলবদ্ধ ধৰ্ষণৰ গুৰুতৰ অভিযোগ, তিনিওকে আটক আৰক্ষীৰ

এক দলবদ্ধ ধৰ্ষণ কাণ্ডৰ অভিযোগে জোকাৰিছে সমগ্র অসমৰ লগতে তিতাবৰ অঞ্চল। মানৱ সমাজক লজ্জানত কৰা এই ঘটনা সংঘটিত হৈছে তিতাবৰ বৰহোলাত।

তিনি যুৱকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। এই অভিযোগ তুলিছে এগৰাকী ১৬ বছৰীয়া কিশোৰীয়ে।

তিতাবৰ বৰহোলাৰ এখন দোকানত ওৰে নিশা দলবন্ধ ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে তিতাবৰত।

কিশোৰীৰ অভিযোগৰ পাছতে তিতাবৰ মহকুমা আৰক্ষীয়ে আটক কৰিছে তিনি অভিযুক্তক।

ইফালে কিশোৰী গৰাকীৰ পৰিয়ালৰ অভিযোগ নসাৎ কৰি অভিযুক্ত তিনি স্বামীৰ কাষত থিয় দিছে তিনি গৰাকী পত্নীয়ে।

ঘটনা সংঘটিত হোৱাৰ নিশা তিনি অভিযুক্ত নিজ নিজ ঘৰতে পত্নীৰ সতে থকা বুলি দাবী কৰিছে তিনি পত্নীয়ে। যাৰ ফলত ঘটনাৰ মাজত সৃষ্টি হৈছে ৰহস্যৰ।

তিতাবৰ মহকুমা আৰক্ষীয়ে তিনি অভিযুক্তক বৰহোলা আৰক্ষী থানাত আটক কৰি মাৰাথান জেৰা অব্যাহত ৰাখিছে।

ইতিমধ্যে কিশোৰী গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিছে আৰক্ষীয়ে। চিকিৎসকৰ প্ৰতিবেদনত স্পষ্ট হব কোন সঁচা কোন মিছা।

এই ঘটনাই সমগ্র তিতাবৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

Input and Photo – Sajid Hussain