29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    হিংসুক, প্ৰথমে পিতা-পুত্ৰৰ দলবদ্ধ ধৰ্ষণ, পিছত প্ৰমাণ নোহোৱা কৰিবলৈ মহিলাক জ্বলোৱাৰ চেষ্টা

    হিংসুক হৈ পৰিছে নেকি আজিৰ মানুহ, মানৱীয়তা হেৰুৱাই পেলাইছে। এইবাৰ পিতা-পুত্ৰই এগৰাকী মহিলা অপহৰণ কৰি দলবদ্ধ ধৰ্ষণ কৰি হত্যাৰ চেষ্টা চলাই।

    ধৰ্ষণ কৰি উঠি পিছত ধৰ্ষণ কৰাৰ প্ৰমাণ নোহোৱা কৰিবলৈ মহিলাৰ নিম্নাংশত অগ্নিসংযোগ কৰি দিয়ে।

    পিছত কোনোমতে সুযোগ বুজি মহিলা গৰাকী পিতা-পুত্ৰৰ কবলৰ পৰা পলাই আহি এখন গাঁৱত গৈ গাঁও বাসীৰ সহায় লয়, আৰু নিজৰ লগত সংঘটিত হোৱা সবিশেষ বৰ্ণনা কৰে।

    এই ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ সীতাপুৰত। ভুক্তভোগী মহিলাগৰাকীক সেই গাঁৱৰ ৰাইজেই সহায় কৰে। পিন্ধা কাপোৰ কানি দিয়াৰ লগতে আৰক্ষীক খবৰ দিয়া আৰু চিকিৎসাৰ বাবে চিকিৎসালয়লৈয়ো প্ৰেৰণ কৰে।

    পিছে আৰক্ষীয়ে এই ঘটনা আৰম্ভণিতে গাপ দিয়াৰ চেষ্টা কৰে। পিছত গাঁওবাসীৰ পৰাহে সংবাদ মাধ্যমৰ লোকে জানিবলৈ পাই এই ঘটনাৰ বিষয়ে। কিন্তু তাৰ পিছতো মহিলাগৰাকীয়ে জনোৱা ঘটনাৰ স্থান আৰু মহিলাগৰাকীৰ ওচৰ চপাত বাধা প্ৰদান কৰে।

    সংবাদ মাধ্যম আৰু গাঁও বাসীৰ হেঁচাত পৰি হে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে।

    আৰু পঢ়ক : এটা ভেড়াই দখল কৰিছে সংবাদ শিৰোনাম, সকলো ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত স্থান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং