এখন গাঁৱত একেলগে ১৪গৰাকী সাধাৰণ লোকৰ শ্মশান যাত্ৰা, ন্যায় পাবনে…! সকলোৰে এটাই দাবী ‘AFSPA’বাতিল হওঁক
নাগালেণ্ডৰ মন জিলাৰ বাতৰিয়ে এতিয়া দেশৰ সংবাদ শিৰোনাম হৈ পৰিছে। অসম ৰাইফলছৰ গুলিত ১৪ গৰাকী নিৰিহ লোকে প্ৰাণ হেৰুৱাৰ পিছত সকলো ফালে এটাই দাবী বাতিল কৰা হওক অসম ৰাইফলছৰ বিশেষ ক্ষমতা।
আজি ৬ ডিচেম্বৰ তাৰিখ নাগালেণ্ডৰ বাবে হৈ পৰে এক ক’লা দিৱস। একেলগে ১৪ গৰাকীকৈ নিৰিহ সাধাৰণ শ্ৰমিকৰ শ্মশান যাত্ৰাৰ দৃশ্যই সেমেকাই তুলিলে হাজাৰ জনৰ চকু।
অন্তিম যাত্ৰাৰ সেই সময়ত উপস্থিত থাকে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰীক দেখি সাধাৰণ জনতাই কেন্দ্ৰৰ ওচৰত আফছপা বাতিলৰ দাবীৰে প্ৰতিবাদো কৰা দেখা যায়। অসম ৰাইফলৰ এই বিশেষ ক্ষমতাৰ আইনৰ বাবেই কোনো বিচাৰ নকৰাকৈ পোনচাটেই সাধাৰণ লোকৰ ওপৰত গুলি কৰি দিয়ে।
আনহাতে মন জিলাত বৰ্তমানেও পৰিস্থিতি উত্তেজনাপূৰ্ণ। ১৪৪ ধাৰা প্ৰযোজ্য কৰা আছে জিলাখনত। ইণ্টাৰনেট সেৱাও বাতিল কৰা হৈছিল কালিৰ ঘটনাটোৰ পিছতে। ৰাজ্যখনৰ মন জিলাত পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবৰ বাবে প্ৰশাসনে যথা সম্ভৱ সকলো কৰিছে।
অসম ৰাইফলে জনোৱা অনুসৰি ভুল তথ্যৰ বাবেই এই ঘটনা সংঘটিত হবলৈ পায়। আনহাতে নাগালেণ্ডৰ বিষয়টো আজি লোকসভাত উত্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। তেওঁ মৃত সকলৰ বাবে গভীৰ সমবেদনা জনাই কয় যে ঘটনাৰ তদন্তৰ বাবে এছআইটি গঠন কৰি মাত্ৰ এমাহৰ ভিতৰতৰ তেওঁলোকৰ তদন্ত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে।
আৰু পঢ়ক : সমগ্ৰ উত্তৰ-পূবতে প্ৰতিবাদ হ’ব, নাগালেণ্ডে অকলশৰীয়া অনুভৱ নকৰে: সমুজ্জল