23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সন্তান তুলি লৈ এই সকল অভিনেতা-অভিনেত্ৰীয়ে দিলে অনন্য পৰিচয়, ছানী লিয়নি- সুস্মিতা সেনৰ বাহিৰে আৰু কোন কোন এই তালিকাত

    গ্লেমাৰাছ পৃথিৱীত ঘুৰি থকা বলীউডৰ অভিনেতা-অভিনেত্ৰী সকল সঘনাই নিজৰ লুক লৈ ব্যস্ত থাকে। তাৰ মাজতে কেতিয়াবা পৰিয়ালৰ লোকৰ লগতো ব্যস্ত থাকে। কিন্তু ইয়ৰ মাজতো বলীউডত এনে কিছু লোক আছে যিয়ে নিজৰ কামৰ জৰিয়তে বহু লোকৰ বাবে আদৰ্শ হৈ পৰিছে।

    অনাথ শিশু তুলি লৈ আদৰ্শ হৈ পৰিছে কিছু অভিনেতা-অভিনেত্ৰী। এই তালিকাত আছে বহু কেইগৰাকীৰ নাম। ছানী লিয়নী, সুস্মিতা সেন, প্ৰীতি জিণ্টা, মিথুন চক্ৰৱৰ্তী, ছলমান খানৰ পিতৃ সলীম খান, ৰবিনা টেণ্ডন আদি।

    সুস্মিতা সেন- প্ৰাক্তন মিছ ৱৰ্ল্ড এই গৰাকী সুন্দৰীয়ে দুগৰাকীকৈ কন্যা সন্তান তুলি লৈছে। ২০০০ চনত প্ৰথম সন্তান হিচাপে ৰিণি আৰু ২০১০ চনত এলিছাত তুলি লয়। উল্লেখ্য যে. সুস্মিতা সেন এগৰাকী ছিংগল মাদাৰ।

    ছানী লিয়নি- বলীউডত ভৰি থৈ এৰি থৈ অহা জীৱনৰ বাবে প্ৰথমে বহু বাধাৰ সন্মুখিন হৈছিল। কিন্তু সকল বাধা নেওচি আগবাঢ়ি গৈছিল নিজৰ কামত। পিছত স্বামী ডেনিয়েলৰ সৈতে এগৰাকী কন্যা সন্তান তুলি লয় আৰু পিছত চাৰোগেচীৰ জৰিয়তে দুটি যমজ পুত্ৰ সন্তানৰো মাতৃ হয়। বৰ্তামানে ছানীৰ তিনি সন্তানেৰে সৈতে এখন সুখৰ সংসাৰ।

    প্ৰীতি জিণ্টা- এটি দুটি নহয় মুঠ ৩৪ গৰাকী ছোৱালী তুলি লৈছে অভিনেত্ৰীগৰাকীয়ে। ঋষিকেশৰ এখন বিদ্যালয়ৰ ৩৪ গৰাকী ছোৱালী তুলি লৈ কেউজনিৰে সকলো পঢ়াৰ খৰচৰ লগতে লালন পালনৰ খৰচ বহন কৰিছে প্ৰীতি জিণ্টাই।

    সলীম খান- ছলমান খানৰ পিতৃ সলীম খানে ঘৰৰ ওচৰৰে পদপথৰ পৰা এগৰাকী কন্যা সন্তান তুলি লৈছিল। যি পিছলৈ গোটেই খান পৰিলায়ৰে হৃদয়ৰ মণি হৈ পৰে। সেই কন্যা সন্তান গৰাকীয়ে হৈছে অৰ্পিতা খান শৰ্মা। বৰ্তমানে অৰ্পিতা নিজেই দুটি সন্তানৰ মাতৃ।

    মিথুন চক্ৰৱৰ্তী- তিনিটা পুত্ৰ সন্তান থকাৰ পিছতো এটি কন্যা সন্তান তুলি লৈছিল মিথুন চক্ৰৱৰ্তীয়ে। যি কন্যা সন্তান মিথুনৰ অতিকে মৰমৰ। কন্যা সন্তানটিৰ নাম ইশানী।

    ৰবীনা টেণ্ডন- নিজৰ দুটি সন্তান জন্মৰ পূৰ্বে দুগৰাকী কন্যা সন্তান তুলি লৈছিল অভিনেত্ৰীগৰাকীয়ে। ২০০৫ চনত প্ৰথম সন্তান আৰু ২০০৮ চনত দ্বিতীয় সন্তান জন্মৰ পূৰ্বে ১৯৯৫ চনত পুজা আৰু ছায়া নামৰ দুগৰাকী কন্যা সন্তান তুলি লৈছিল।

    সমীৰ চুৰী আৰু নীলম কোঠাৰী-বিবাহৰ দুই হছৰ পাছত ২০১৩ চনত এটি কন্যা সন্তান তুলি লয় দুয়ো অভিনেতা-অভিনেত্ৰীয়ে।

    মন্দিৰা বেদী- ৩৯ বছৰ বয়সত ২০১১ চনত পুত্ৰ সন্তান এটি সন্মৰ পাছত ২০২০ চনত অভিনেত্ৰী গৰাকীয়ে এটি কন্যা সন্তান তুলি লৈছিল।

    ইয়াৰ বাহিৰেও আছে বহু কেইগৰাকী ছবি নিৰ্মাতা- পৰিচালক প্ৰযোজক আদি। যিয়ে সন্তান তুলি লৈ সংসাৰত খুবেই সুখি।

    আৰু পঢ়ক : ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিছে মৰিগাঁৱৰ সু-সন্তান স্পৃহা ঋষি কাশ্যপ! নৃত্যৰে মুহিছে সকলোৰে মন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং