সংসদত নিষিদ্ধ ‘জুমলাজীৱী’, ‘তানাশাহ’, ‘নৌতংকী’ আদি শব্দ; পঢ়ক আৰু কি কি আছে তালিকাত

0
244
প্ৰতিনিধিত্বমূলক চিত্ৰ

১৮ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিবেশন। লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলে ‘জুমলাজীৱী’, ‘তানাশাহ’, ‘নৌতংকী’ আদিৰ দৰে আন বহু শব্দ ব্যৱহাৰ বা প্ৰয়োগ কৰিব নোৱাৰিব সদনত।

অধিবেশনলৈ মাজত মাত্ৰ চাৰিটা দিন বাকী থকা অৱস্থাত লোকসভা সচিবালয়ে এখন অসংসদীয় শব্দ আৰু প্ৰকাশভংগীৰ পুস্তিকা প্ৰকাশ কৰিছে।

এই পুস্তিকাখনৰ মতে জুমলাজীৱী, ক’ভিড স্প্ৰেডাৰ আৰু লজ্জাজনক, বেয়া আচৰণ কৰা, বিশ্বাসঘাতক, দুৰ্নীতিগ্ৰস্ত আদি শব্দক লোকসভা আৰু ৰাজ্যসভাৰ কাৰ্য্যসূচীত অসংসদীয় বুলি গণ্য কৰা হ’ব।

একে সময়তে নৈৰাজ্যবাদী, শকুনী, একনায়কত্ববাদী, জয়চন্দৰ লগতে খালীস্তানী, খুন চে খেতি আদি শব্দও নিষিদ্ধ কৰা হৈছে।

ইয়াৰ উপৰি পুস্তিকাখনত নাটক, পাষণ্ডতা, অযোগ্য শব্দকেইটাও অসংসদীয় ঘোষণা কৰা হৈছে। স্বৈৰাচাৰী, জয়চান্দ, বিনাশ আদমী, দ্বৈত চৰিত্ৰ, নিকাম্মা, নৌতংকি, ধীনন্দোৰা পিঠানা আৰু বেহৰি চৰকাৰ আদি শব্দকো অসংসদীয় বুলি গণ্য কৰা হ’ব।

সংসদৰ কাৰ্য্যবিধিত শব্দৰ ব্যৱহাৰ সন্দৰ্ভত জাৰি কৰা নতুন নিৰ্দেশনাসমূহ ‘অসংসদীয় শব্দ ২০২১’ শীৰ্ষক অধীনত প্ৰস্তুত কৰা হৈছে।