কাইলৈৰ পৰা এইসমূহ স্মাৰ্টফোনত ছাপৰ্ট নকৰিব WhatsApp

কোম্পানীয়ে এই ঘোষণা আগতেই কৰিছে আৰু আমিও এই বিষয়ে পূৰ্বেই অৱগত কৰিছে। যদি আপোনালোকে এই পুৰণি স্মাৰ্টফোন সমূহ ব্যৱহাৰ কৰে তেন্তে আপোনালোকে ফোনসমূহ আপগ্ৰেড কৰিব পাৰে

0
154

চলিত বৰ্ষৰ ৩১ ডিচেম্বৰ অৰ্থাৎ কাইলৈৰ পৰা কেইবাটাও স্মাৰ্টফোনত WhatsAppৰ কাম বন্ধ হৈ পৰিব। কোম্পানীয়ে এই ঘোষণা আগতেই কৰিছে আৰু আমিও এই বিষয়ে পূৰ্বেই অৱগত কৰিছো। যদি আপোনালোকে এই পুৰণি স্মাৰ্টফোন সমূহ ব্যৱহাৰ কৰে তেন্তে আপোনালোকে ফোনসমূহ আপগ্ৰেড কৰিব পাৰে।

ফেচবুকৰ কোম্পানী WhatsAppয়ে FAQ পেজ আপডেট কৰি ইয়াত সেই স্মাৰ্টফোনৰ বিষয়ে জনাইছে য’ত WhatsAppৰ ছাপৰ্ট দিয়া নহ’ব। ইয়াত থাকিব Android, iOS আৰু Windows অপেৰেটিং ছিষ্টেম থকা স্মাৰ্টফোন।

Android 2.3.7 Versionত চলিত স্মাৰ্টফোন বা ইয়াৰ তলৰ Version থকা ফোনত ছাপৰ্ট নকৰিব WhatsApp। নতুন বছৰ ২০২০ৰ পৰা এই ফোন ব্যৱহাৰকাৰীসকলে ব্যৱহাৰ কৰিব নোৱাৰিব WhatsApp। কোম্পানীয়ে ক’লে যে এইসমূহ ফোনৰ পৰা ইউজাৰ্চে WhatsApp একাউণ্ট খুলিব নোৱাৰিব।

কাইলৈৰ পৰা Windows অপেৰেটিং ছিষ্টেম থকা স্মাৰ্টফোনেৰে খুলিব নোৱাৰিব WhatsApp। মাইক্ৰছফটে নিজে Windows 10 মোবাইল অপেৰেটিং ছিষ্টেমৰ ছাপৰ্ট বন্ধ কৰি দিছে।

এইসমূহ ফোনৰ পৰা WhatsApp খুলিব নোৱাৰিব-

যদি আপোনাৰ লগত এই অপেৰেটিং ছিষ্টেম থকা স্মাৰ্টফোন আছে তেন্তে ফোনসমূহ আপডেট কৰি লওক। যদি ফোন সলনি কৰে তেন্তে গুগল ড্ৰাইভত Whatsapp chatsৰ বেকআপ লওক। যদি আপুনি বিচাৰে আপুনি প্ৰতিটো chatsত গৈ এক্সপৰ্ট কৰি ইয়াক জিমেইল একাউণ্টত ছেভ কৰিব পাৰে।

Photo credit: independent.co.uk