27 C
Guwahati
Monday, September 20, 2021
More

    জানেনে! ২৮ এপ্ৰিলৰ বৰভূঁইকঁপৰ পিছত ৪৫ টা ভুমিকম্পই জোকাৰি গ’ল অসম…

    জানেনে! ২৮ এপ্ৰিলৰ বৰভূঁইকঁপৰ পিছত ৪৫ টা ভুমিকম্পই জোকাৰি গ’ল অসম…

    ২৮ এপ্ৰিল তাৰিখৰ ৬.৪ ৰিখটাৰ স্কেলৰ বৰভূঁইকঁপৰ পিছত বহুতো সৰু বৰ ভুমিকম্পই সঘনাই জোকাৰি আছে অসম। কিছু আচৰিত হলেও সত্য যে, ২৮ তাৰিখৰে পৰা বৰ্তমানলৈ অসমত মুঠ ৪৫ টা ভুমিকম্পই জোকাৰি যায়।

    প্ৰতিদিনেই সৰু বৰ কেইবাটাও ভুমিকম্প অহাতো এতিয়া সহজ হৈ পৰিছে। যদিও এই ভুমিকম্পৰ ফলত কিছু আতংকত আছে অসমবাসী। পিছে এই ক্ষেত্ৰত বৈক্ষানিক জানিবলৈ দিয়া অনুসৰি এনে সৰু সৰু ভুমিকম্পৰ ফলত অশনি বিপদৰ পৰা ৰক্ষা পৰি আছে অসম।

    ৰাষ্ট্ৰীয় ভুমিকম্প জৰীপ বিভাগে সদৰি কৰা অনুসৰি বৰ্তমানলৈ ৪৫ টা ভুমিকম্প আহিছে অসমত। ইয়াৰ সৰ সংখ্যক কেৱল শোণিতপুৰতেই। ইয়াৰ বাহিৰে নগাঁও, মৰিগাঁও, কাৰ্বিআংলং, নলবাৰী আৰু গোৱালপাৰা জিলাতো ভুমিকম্প আহিছে।

    মুঠ ৪৫ টাৰ ভিতৰত ৩৫ টা ভুমিকম্প কেৱল শোণিতপুৰতেই আহে। ইয়াৰ বাহিৰে মৰিগাঁও জিলাত ৩ টা, নগাঁও আৰু কাৰ্বি আংলঙত ২ টা কৈ, লগতে ওদালগুৰি, নলবাৰী আৰু গোৱালপাৰাত ১ টা কৈ ভুমিকম্প আহে।

    আজিৰ তাৰিখলৈ সকলোতকৈ অধিক ৰিখটাৰ স্কেলৰ ভুমিকম্প ২৮ এপ্ৰিলৰ ৬.৪, তাৰ বাহিৰে সেই একেটা দিনতে অহা ৪.৭, ৪.৬ৰ দুটা আৰু ২৯ এপ্ৰিলত ৪.৬ৰ এটা ভুমিকম্প। তাৰ বাহিৰে অন্য সকল ৪.০ তলত। ইয়াৰে কিছু ভুমিকম্প সমগ্ৰ অসমতে অনুভুত হয় যদিও কিছু ভুমিকম্পৰ কেৱল শোণিতপুৰতেই অনুভুত হয়।

    তাৰিখ হিচাপে ২৮ এপ্ৰিলত ১২ টা ভুমিকম্প, ২৯ এপ্ৰিলত ১০ টা, ৩০ এপ্ৰিলত ৩ টা, ১ মে’ তাৰিখে ৩ টা, ২ মে’ত ২টা, ৩ মে’ত ৫ টা, ৪ আৰু ৫ মে’ত কেৱল এটাকৈ, ৬ আৰু ৭ মে’ত দুটা কৈ, পুনৰ ৮ আৰু ৯ মে’ত একোটাকৈ হোৱাৰ লগতে আজি ১০ তাৰিখে পুৱাৰ ভাগলৈ ২ টা ভুমিকম্প অনুভুত হয়।

    আৰু পঢ়ক : ঢেকিয়াজুলিত দিন‌ দুপৰতে মৰানাস্ত্ৰ দেখুৱাই ডকাইতে লুটি নিলে ৮ লাখ ৫০ হাজাৰ টকা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং