
সোমবাৰে জনতা ভৱনত অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত লোৱা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। চৰকাৰী চাকৰি সন্দৰ্ভত ৰাজ্য চৰকাৰৰ নতুন নিয়ম। ২টাতকৈ অধিক সন্তান থাকিলে কোনো লোকে চৰকাৰী চাকৰিত আবেদন কৰিব নোৱাৰিব। নতুন জনসংখ্যা নীতি অনুসৰি ২০২১ পিছত চাকৰি বিচৰা প্ৰাৰ্থীৰ দুটাতকৈ অধিক সন্তান থাকিলে বঞ্চিত হ’ব চৰকাৰী চাকৰিব পৰা।
ইফালে ২৫ শতাংশলৈ বৃদ্ধি কৰা হ’ব বাছৰ ভাড়া। ইয়াৰ লগতে লোৱা হৈছে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ইন্দিৰা মিৰি বিধৱা পেঞ্চন আঁচনিত প্ৰত্যেকগৰাকীক মাহে তিনিশ টকা কৈ দিয়া হ’ব। ভূমি হীন খিলঞ্জীয়াক তিনি বিঘাকৈ মাটি দিয়া হ’ব।
অটল অমৃত অভিযানে এতিয়াৰ পৰা সামৰিব ICU ত থকা ৰোগীক। ১২৭৭ টা নতুন পদ সৃষ্টি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত। গড়কাপ্তানী বিভাগত এতিয়াৰ পৰা প্ৰতিটো সমষ্টিত থাকিব এজনকৈ এচ ডি অ’ আৰু জাপানীজ এনকেফ্লাইটিছ ৰোগ সামৰি ল’ব অটল অমৃত যোজনাত।