27 C
Guwahati
Tuesday, September 27, 2022
More

    বন্ধুত্বৰ নামৰ এটা দিন…এই সকল বলীউডৰ অভিনেত্ৰীয়ে প্ৰমাণ কৰিলে অভিনয়ৰ ১নম্বৰ আসনৰ যুঁজ বহুত পিছত আগে বন্ধুত্ব

    বন্ধুত্বৰ নামৰ এটা দিন…এই সকল বলীউডৰ অভিনেত্ৰীয়ে প্ৰমাণ কৰিলে অভিনয়ৰ ১নম্বৰ আসনৰ যুঁজ বহুত পিছত আগে বন্ধুত্ব

    পূৰ্বতে বলীউডৰ এক নম্বৰ আসনৰ বাবে একপ্ৰকাৰ শীতল যুদ্ধ চলাৰ দৰে হৈছিল। অভিনেতাই হওক বা অভিনেত্ৰীয়েই শ্ৰেষ্ঠত্বৰ বাবে নিজক সকলোৰে আগত অধিক গুণবান, ৰূপবান দেখুৱাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল।

    পাছে আজিকালি সেই দিন নাই। বলীউডৰ প্ৰায় সকলো অভিনেত্ৰী আৰু অভিনেতাৰ মাজতে দেখিবলৈ পোৱা যায় ভাল বন্ধুত্ব। নিজৰ লগতে নিজৰ বন্ধুকো সকলো কামতে সহায় কৰি দিয়ে। ঘুৰা ফুৰাই হওক বা ব্যামাগাৰত ব্যামেই , ইটোৱে সিটোৰ লগত সদায়ে থাকে।

    আজি বন্ধুৰ দিৱসৰ দিনা তেনেই কেইগৰাকীমান বলীউডৰ অভিনেত্ৰীৰ নাম যিয়ে সদায় বন্ধুক গুৰুত্ব দিয়া দেখা যায়। অনুৰাগী সকলেও প্ৰশংসাকৰে সেই অভিনেত্ৰী সকলৰ বন্ধুত্বৰ।

    আলিয়া-কেটৰিনা
    আলিয়া ভাট্ট আৰু কেটৰিনা কাইফৰ বন্ধুত্বৰ কথা সকলো অনুৰাগীয়ে জানে। দুয়োৰে বন্ধুত্ব আলিয়াই অভিনয় জগতত ভৰি দিয়াৰ পূৰ্বৰে পৰা। বৰঞ্চ কেটৰিনাৰ প্ৰাক্তন প্ৰেমিক আলিয়াৰ বৰ্তমানৰ স্বামী হোৱাৰ পাছতো দুয়োৰে মাজত বন্ধুত্বৰ সম্পৰ্ক ভাল হৈ আছে।

    আলিয়া-দীপিকা
    কেৱল কেটৰিনাই নহয় ৰনবীৰৰ প্ৰাক্তন প্ৰেয়সী দীপিকাৰ লগতো অতি ভাল বন্ধুত্ব আলিয়াৰ। কফী উইড কৰণতো দুয়োগৰাকী অভিনেত্ৰীয়ে নিজৰ নিজৰ ভাল বন্ধুত্বৰ সম্পৰ্কৰ বিষয়ে কয়।

    অনুষ্কা-কেটৰিনা
    জব-টক হে জান ছবিৰ ছেটত লগ হৈছিল দুয়োগৰাকী অভিনেত্ৰী। তেতিয়াৰে পৰা আজি পৰ্যন্ত দুয়োৰে মাজত ভাল বন্ধুত্ব। আনকি বিবাহৰ পাছত কেটৰিনা-বিকিয়ে থাকিবলৈ ক্ৰয় কৰা ঘৰটোও বিৰুস্কা হতৰ কাষতে আছে।

    ছাৰা-জাহ্নৱী
    ২০১৮ চনত একেলগে বলীউডত খোজ দিয়া ছাৰা আলী খান আৰু জাহ্নৱী কাপুৰ বাল্যকালৰে পৰা বন্ধু। দুয়োৰে পিতৃ-মাতৃ সকলৰ সুবাদতে দুয়ো ভাল বন্ধু। প্ৰায়ে দুয়োগৰাকীকে একেলগে ঘুৰা-ফুৰা বা ব্যামাগাৰত দেখা পোৱা যায়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং