ৰাম মন্দিৰত বয়োজ্যোষ্ঠ সকলৰ বিনামূলীয়া ভ্ৰমণ কৰোৱা হ’ব: অৰবিন্দ কেজৰিবাল

0
1089
ৰাম মন্দিৰত বয়োজ্যোষ্ঠ সকলৰ বিনামূলীয়া ভ্ৰমণ কৰোৱা হ'ব: অৰবিন্দ কেজৰিবাল

ৰাম মন্দিৰত বয়োজ্যোষ্ঠ সকলৰ বিনামূলীয়া ভ্ৰমণ কৰোৱা হ’ব: অৰবিন্দ কেজৰিবাল

দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিবালে বুধবাৰে কয় যে অযোধ্যাৰ ৰাম মন্দিৰত বয়োজ্যোষ্ঠ সকলৰ বিনামূলীয়া ভ্ৰমণ কৰোৱা হ’ব । তেওঁ কয় যে সকলোৰে সেৱা কৰিবৰ বাবে দিল্লী চৰকাৰে ৰাম ৰাজ্যৰ সংকল্পনাৰ পৰা প্ৰেৰিত ১০ টা নীতি পালন কৰিব।

লগতে কয় যে আমি যি ১০ টা নীতি পালন কৰিব বিচাৰিছো তাৰ ভিতৰত চিকিতসা, বিদ্যুত, পানী উপলব্ধ কৰা, মহিলা সুৰক্ষা , আৱাস, বয়োজ্যেষ্ঠ সকলক সন্মান কৰা আদি অন্তৰ্ভূক্ত আছে।

উল্লেখ্য যে, আম আদমী পাৰ্টীৰ চৰকাৰে মুখ্যমন্ত্ৰী তীৰ্থ যাত্ৰা যোজনা চলাই আছে। যাৰ অধীনত দিল্লীত বয়োজ্যোষ্ঠ সকল বিনামূলীয়া তীৰ্থভ্ৰমণ কৰা হয়।

আৰু পঢ়ক : প্ৰাৰ্থিত্ব প্ৰদানৰ দাবীত আলগাপুৰত বিজেপি কৰ্মীৰ তীব্ৰ প্ৰতিবাদ