
নিজৰ বিয়াখন আটক ধুনীয়াকৈ পাতিবলৈ সকলোৰে সপোন থাকে। বিলাসী এখন বিয়া প্ৰচুৰ ধনৰ প্ৰয়োজন হয়। সেই ধনৰ মোহতেই নিজকে কেঞ্চাৰ ৰোগী সজাই বন্ধুৰ পৰা লুটিলে ৮লাখ ৩৬হাজাৰ টকা।
২৯ বয়সীয়া এই যুৱতীয়ে প্ৰতাৰণা কৰি সকলোৰে পৰা সংগ্ৰহ কৰিছে টকা। নিজকে কেঞ্চাৰ আক্ৰান্ত বুলি সংবাদ মাধ্যমকো সাক্ষাৎকাৰ প্ৰদান কৰিছে এই মহিলাই। সেই সাক্ষাৎকাৰত কেঞ্চাৰ আৰু মস্তিষ্ক আৰু হাড়ত প্ৰৱেশ কৰা বুলি প্ৰকাশ কৰিছে।

আনকি মহিলা গৰাকীয়ে অনলাইন জৰিয়তেও সংগ্ৰহ কৰিছিল বহতৰে পৰা টকা। ইংলেণ্ডৰ এই যুৱতীগৰাকী নাম টনি চোয়ানডেন।প্ৰতাৰণাৰ বাবে টনি যাব লগা হব পাৰে জেললৈ।লগতে মহিলা গৰাকীয়ে আদালতত জালিয়াতিৰ কথাও প্ৰকাশ কৰিছে।
Photo Credit: