কৃষকৰ জয়! লোকসভাত বাতিল হ’ল বহু বিতৰ্কিত ৩ খন কৃষি আইন…
আজিৰে পৰা ২৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে শীতকালীন অধিৱেশন। বিৰোধীৰ হুলুস্থুলৰ বাবে লোকসভা আৰু ৰাজ্যসভা দুয়ো সদনৰ কাম-কাজ স্থগিত কৰিও ৰখা হয়। এই অধিৱেশনত উপস্থাপন হ’ব ৩৬ খন বিধেয়ক।
ইয়াৰ মাজতে লোকসভাত বাতিল হ’ল বহু বিতৰ্কিত ৩ খন কৃষি আইন। লোকসভাত আজি কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক গৃহীত হয়।
ধ্বনি ভোটত গৃহীত হয় কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক। উল্লেখ্য যে, এই আইন প্ৰত্যাহাৰ হোৱাৰ লগে লগে সদনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় কিয়নো বিৰোধীয়ে ইয়াৰ ওপৰত আলোচনা হোৱা বিচাৰিছিল।
কৃষি আইন প্ৰত্যাহাৰ বিধেয়ক খন গৃহীত হোৱাৰ লগে লগে সদনৰ কাম কাজ মঙলবাৰ ২বজালৈ স্থগিত কৰা হয়।
আৰু পঢ়ক : আচৰিত! প্ৰৱস বেদনা আৰম্ভ হোৱাত নিজেই চাইকেল চলাই হাস্পতালত উপস্থিত এগৰাকী সাংসদ