৮খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই অকংগ্ৰেছীঃ হিমন্ত বিশ্ব শৰ্মা

উত্তৰ–পূবৰ আঠ ৰাজ্যৰ মাজত সদ্ভাৱনাৰ বাবে NEDA এক প্লেটফৰ্ম, এই কথা ক'লে হিমন্ত বিশ্ব শৰ্মাই

0
226

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হৈছে NEDA ৰ চতুৰ্থ সমাৰোহ। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ উপস্থিতিত অনুষ্ঠিত হয় এই সমাৰোহ। সমাৰোহত উপস্থিত থাকে উত্তৰ-পূৰ্বাঞ্চলৰ ৮খন ৰাজ্যৰ বিজেপি নেতৃত্ব, বিজেপি আৰু ইয়াৰ মিত্ৰ জোঁট চৰকাৰৰ মুখ্যমন্ত্ৰীসকল, কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু আৰু ৮খন ৰাজ্যৰ বিজেপি মিত্ৰ জোঁটৰ সাংসদ-বিধায়কসকলো।

উপস্থিত থাকে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ দেব, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম কুমাৰ তামাং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, পেমা খান্দু, এন বীৰেন সিং, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, জীতেন্দ্ৰ সিং, অতুল বৰা, হাগ্ৰামা মহিলাৰী, টংকেশ্বৰ ৰাভা আৰু অজয় জামোৱাল।

NEDA ৰ চতুৰ্থ সমাৰোহ আদৰণি ভাষণ প্ৰদান কৰি নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই ক’লে যে- ‘এয়া ইতিহাসৰ প্ৰথম,
৮খন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই অকংগ্ৰেছী, আজি এয়া ঐতিহাসিক দিন, মোৰ ৰাজনৈতিক জীৱনত এয়া সোণোৱালী সময়। আহি থকা সময়তো সকলো একত্ৰিত হৈ থকাৰ পণ লৈছো। উত্তৰ-পূবৰ ৮খন ৰাজ্যৰ মাজত সদ্ভাৱনাৰ বাবে নেডা এক প্লেটফৰ্ম।’

লগতে মন্ত্ৰীগৰাকীয়ে কয় যে, উত্তৰ-পূবৰ ২৫গৰাকী সাংসদৰ ১৯ গৰাকীয়েই NEDAৰ। উত্তৰ-পূব দেশৰ সম্পদ হোৱাতো বিচাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে। আমি আলোচনাৰ মাজেৰে সীমান্ত সমস্যা সমাধান কৰিম উত্তৰ-পূবৰ, নিচাজাতীয় দ্ৰব্যৰ পৰাও উত্তৰ-পূবক মুক্ত কৰিব লাগিব, দিল্লীত এটা উত্তৰ-পূবৰ সাংস্কৃতিক সংগ্ৰহালয় কৰা হ’ব, প্ৰতিখন ৰাজ্যৰ সকলো অধিকাৰ সুৰক্ষিত কৰিব লাগিব বুলি কয় মন্ত্ৰী শৰ্মাই।