গংগা স্নান কৰিবলৈ যোৱা চাৰি যুৱকৰ পথ দুৰ্ঘটনাত মৃত্যু, দুজন আহত

0
904
গংগা স্নান কৰিবলৈ যোৱা চাৰি যুৱকৰ পথ দুৰ্ঘটনাত মৃত্যু, দুজন আহত

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত মঙলবাৰে পুৱা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত চাৰিজন যুৱক নিহত হয়। যুৱক কেইজনে এখন গাড়ীত আছিল আৰু তেওঁলোকে হাৰিয়ানাৰ পৰা হৰিদ্বাৰলৈ গংগা স্নান কৰিব আহিছিল।

ইফালে ঘটনাটোত দুজন যুৱক গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ সবিশেষ জানিব পাৰি আৰক্ষীয়ে ঘটনাস্থলত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহতসকলক এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে য’ৰ পৰা তেওঁলোকক মিৰাটলৈ প্ৰেৰণ কৰা হৈছে।  

আৰক্ষীয়ে জনোৱা অনুসৰি, আটাই কেইজন যুৱকে হৰিদ্বাৰ গংগাত গা ধুবলৈ হাৰিয়ানাৰ পৰা এখন গাড়ীত ওলাই গৈছিল। এই সময়ছোৱাত, গাড়ীখন বাটত দুৰ্ঘটনাত পতিত হৈছিল।

পৰিয়ালৰ সদস্যসকলক ঘটনাটোৰ বিষয়ে অৱগত কৰা হৈছে।

এই পথ দুৰ্ঘটনাত ৰণধীৰ, বিজেন্দ্ৰ, সুখবীৰ, হাৰিয়ানাৰ গুৰুগ্ৰামৰ সত্য প্ৰকাশৰ মৃত্যু হয়।

আনহাতে মুকেশ আৰু ৰাজ সিং দুৰ্ঘটনাটোত আহত হৈছে।

আৰক্ষীয়ে জনোৱা অনুসৰি মুজাফ্ফৰনগৰৰ চিভিল লাইন আৰক্ষী থানা এলেকাৰ অন্তৰ্গত ৱাহলানা চকৰ ওচৰত চাফাৰী গাড়ীখন এটা ডিভাইডাৰত খুন্দিওৱাৰ ফলত এই দুৰ্ঘটনাটো ঘটে।

আৰু পঢ়ক : মোবাইলৰ বেটাৰী বিস্ফোৰণৰ ফলত পাঁচ বছৰীয়া শিশুৰ মৃত্যু