18 C
Guwahati
Monday, April 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    শ্ৰীৰামপুৰত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমানৰ গৰুসহ চাৰিখন ট্ৰাক জব্দ

    গোসাইগাঁও মহকুমাৰ শিমুলটাপু আৰক্ষী চকীৰ অন্তৰ্গত শ্ৰীৰামপুৰত ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই অবৈধভাবে পাৰ কৰিবলৈ চেষ্টা কৰা শতাধিক উন্নত জাতৰ গৰুসহ ইউ পি ২১ বি এন ৯১৭১,ইউ পি ২১ চি এন ৩৭৫৬,এ এছ ০১ এল চি ৬৭৭১ আৰু এ এছ ০১ এম চি ১৪৭৩ নম্বৰৰ চাৰিখন ট্ৰাক জব্দ কৰাৰ লগতে চালক-হেণ্ডিমেন সহ আঠজন লোকক আটক কৰে ৷

    শ্ৰীৰামপুৰত ধৃত লোকসকল হ’ল আবৰাৰ হুছেইন, ইমৰান খান, লুতফৰ হুছেইন, খালেক আলী, আব্দুল কৰিম, হৰিছ আলী ,হুছিইন আলী আৰু আছৰাফুল আলম ৷ গাড়ী সমুহ পশ্চিম বংগৰ সোনাপুৰৰ পৰা গৰু বোঝাই কৰি গুৱাহাটী অভিমুখে গৈ আছিল ৷

    জানিব পৰা মতে, শ্ৰীৰামপুৰ ৰাষ্ট্ৰীয় ঘাইপথত শিমুলটাপু আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পল লালহিমসিঙে যোৱা নিশাৰে পৰা টহল দি থকা সময়তে আজি পুৱতি নিশা গাড়ী সমুহ আটক কৰে ৷ 

    আৰু পঢ়ক : দেশজুৰি বাৰ্ড ফ্লুৰ সংহাৰঃ ৰাজ্যৰ ১৬খন জিলাত ব্যাপক সংক্ৰমণ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং