ভুৱা মাৰ্কশ্বিটেৰে টেটত নিযুক্তি, হাজোত নিশা চাৰিজন টেট শিক্ষকক আটক

0
11522
ভুৱা মাৰ্কশ্বিটেৰে টেটত নিযুক্তি, হাজোত নিশা চাৰিজন টেট শিক্ষকক আটক
ফটো সৌজন্য-ইণ্টাৰনেট

ভুৱা মাৰ্কশ্বিটেৰে টেটত নিযুক্তি, হাজোত নিশা চাৰিজন টেট শিক্ষকক আটক

ভুৱা মাৰ্কশ্বিটেৰে টেট শিক্ষক হিচাপে নিযুক্তি পোৱা চাৰিজন শিক্ষকক দেওবাৰে নিশা কামৰূপ আৰক্ষীয়ে অভিযান চলাই হাজোৰ পৰা আটক কৰে।

আটক হোৱা চাৰিওজন শিক্ষকে ভুৱা মাৰ্কশ্বিট, প্ৰমাণপত্ৰৰে টেটত নিযুক্তি লাভ কৰিছিল বুলি অভিযোগ উঠিছে।

নিশা আৰক্ষীয়ে আটক কৰা শিক্ষক চাৰিজন হৈছে ক্ৰমে- আজিজুৰ ৰহমান, মনোৱাৰ হুছেইন, মনোৱাৰ খান আৰু ছহিবুৰ ৰহমান।

আৰক্ষীয়ে আটক কৰা আটাইকেইজন শিক্ষককে বৰ্তমান ভুৱা প্ৰমাণপত্ৰ আৰু মাৰ্কশ্বিট সম্পৰ্কত সোধা-পোছা আৰম্ভ কৰিছে।

কিছুদিন পূৰ্বে এই শিক্ষক কেইজনে বাক্সা আৰু চিৰাং জিলাত টেট শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ টেট শিক্ষকৰ নিযুক্তিত বহু শিক্ষকে ভুৱা মাৰ্কশ্বিট আৰু প্ৰমাণপত্ৰৰে নিযুক্তি লাভ কৰা বুলি বহু সময়ত অভিযোগ উত্থাপন হৈ আহিছে।

কিছুদিন পূ্বে নগাঁও আৰক্ষীয়ে অভিযান কালত নগাঁৱত এটা বৃহৎ ভুৱা প্ৰমাণপত্ৰ নিৰ্মাণ কৰা চক্ৰ উৎখাত কৰিছিল।

আৰু পঢ়ক : বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছ দলৰ পৰা নিলম্বন