ভাৰত জোড়োৰ পদযাত্ৰাৰ সময়তে অঘটন, বিদ্যুতৰ তাঁৰত লাগি হাস্পতালত ভৰ্তি ৪ কংগ্ৰেছ কৰ্মী

0
21

ভাৰত জোড়োৰ পদযাত্ৰাৰ সময়তে অঘটন, বিদ্যুতৰ তাঁৰত লাগি হাস্পতালত ভৰ্তি ৪ কংগ্ৰেছ কৰ্মী

বৰ্তমানে সমগ্ৰ ভাৰতবৰ্ষৰ কংগ্ৰেছ কৰ্মী সকলক একগোট কৰা অৰু সজাগতা অনাৰ বাৰে চলি থকা ভাৰত জোড়ো আন্দোলন নামেৰে পদযাত্ৰা হৈ আছে। ইয়াৰ নেতৃত্ব লৈছে কংগ্ৰেছৰ অন্যতম নেতা গান্ধী পৰিয়ালৰ উত্তৰসূৰী ৰাহুল গান্ধীয়ে।

ভাৰতৰ দক্ষিণৰ পৰা আৰম্ভ হোৱা এই ভাৰত জোড়ো আন্দোলন সমগ্ৰ দেশতে চলিব। পাছে এই আন্দোলনৰেই অংশ হিচাপে ভাগ লোাৱা কেইগৰাকীমান কৰ্মকৰ্তাক বিদ্যুতৰ তাঁত লাগি বেয়াৰৈ আঘাত পায়।

যাৰ ফলত বৰ্তমানে হাস্পতালত ভৰ্তি হব লগা হৈছে ৪ গৰাকীকৈ কংগ্ৰেছ কৰ্মী। এই অঘটন সংঘটিত হৈছে কৰ্নাটকৰ বেল্লাৰীত। ঘটনা সংঘটিত হোৱাৰ লগে লগে আহত লোককেইগৰাকীক ততাতৈয়াকৈ নিকট হাস্পতালত ভৰ্তি কৰোৱা হয়।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি লোক কেইগৰাকীয়ে এই পদ যাত্ৰাৰ সময়ত হাতত লোহাৰ দাণ্ডিত কংগ্ৰেছৰ পতাকা লৈ খোজকাঢ়ি গৈ আছিল। সেই সময়তেই পথৰ কাষৰ ওপৰেৰে পাৰ হৈ যোৱা বিদ্যুতৰ তাঁৰত লাগি ধৰে লোক ৪ গৰাকী।

এই ঘটনাৰ পাছতে এতিয়া কংগ্ৰেছৰ ফালৰ পৰা এক টুইট সদৰি কৰি জানিবলৈ দিয়ে যে, ঘটনাত আহত হোৱা চাৰিওগৰাকী লোককে কংগ্ৰেছ দলৰ ফালৰ পৰা ১ লাখকৈ টকা আৰ্থিক অনুদান হিচাপে দিয়া হব।