29 C
Guwahati
Friday, August 5, 2022
More

    সোণতলীত বিধ্বংসী অগ্নিকাণ্ড; সম্পূৰ্ণৰূপে জাহ গ’ল চাৰিখনকৈ দোকান

    দক্ষিণ কামৰূপৰ সোণতলীৰ পানীখাইতী বজাৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সন্দেহ কৰিছে ৰাইজে।

    স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয় যদিও অগ্নিকাণ্ডত চাৰিখনকৈ দোকান জাহ যায়৷ইয়াৰে ফৰিদুল ইছলাম আৰু মনিৰুল ইছলামৰ দোকান দুখন সম্পুৰ্ণৰূপে জাহ যায় এই অগ্নিকাণ্ডত৷

    ইপিনে সন্তেচ আলী আৰু মহিৰ উদ্দিনৰ দোকানৰ সা-সামগ্ৰীৰ ধ্বংস হয় অগ্নিকাণ্ডত৷

    অগ্নিকাণ্ডৰ ফলত প্ৰায় ১০ লক্ষাধিক টকাৰ লোকচান হয় দোকানৰ মালিক সকলৰ৷

    অগ্নিকাণ্ডৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় সোণতলীৰ আৰক্ষীৰ দল৷

    দোকান দি পৰিয়াল পোহপাল দি থকা এই দোকানৰ মালিক সকলক সহায় কৰিবলৈ স্থানীয় বিধায়িকা তথা চৰকাৰলৈ দাবী স্থানীয় ৰাইজৰ৷

    ইপিনে সোণতলী অঞ্চলত অগ্নিনিৰ্বাপক বাহিনীৰ শাখা কেন্দ্ৰ স্থাপন কৰিবলৈ দাবী জনাইছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং