
লখিমপুৰত জঘন্য ঘটনা ! দুই ফৈদৰ মাজৰ কাজিয়াত ৪ জনৰ অৱস্থা সংকটজনক
লখিমপুৰৰ মহঘুলিত বুধবাৰে সন্ধিয়া এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷
দুই ফৈদৰ মাজত হোৱা কাজিয়াত দাৰ ঘাপত চাৰিজন লোক গুৰুতৰভাৱে আহত হৈছে৷
মহঘুলিৰ সুৰুজ আলী নামৰ এটা দুৰ্ধৰ্ষ অপৰাধীয়ে দাৰে ঘপিয়াই মহিলাসহ চাৰিজন লোকক গুৰুতৰভাৱে আহত কৰে ৷
জানিব পৰা মতে টকা পইচাৰ লেনদেনৰ বাবেই এই আক্ৰমণ কৰে সুৰুজ আলীয়ে |
আক্ৰমণৰ ফলত সংকটজনক অৱস্থাত আহত আটাইকেইজনক লখিমপুৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছে|
ঘটনাস্থলিত নাওবৈচা আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে |