চিকিৎসালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ; ভেণ্টিলেটৰ বন্ধ হৈ হস্পিতালতে মৃত্যু হ’ল ৪টাকৈ সদ্যজাত শিশু

0
848

চিকিৎসালয়ৰ কৰ্মচাৰীৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ; ভেণ্টিলেটৰ বন্ধ হৈ হস্পিতালতে মৃত্যু হ’ল ৪টাকৈ সদ্যজাত শিশু

ভেণ্টিলেটৰ বন্ধ হোৱাৰ ফলত হস্পিতালতে মৃত্যু হ’ল ৪ টি সদ্যজাত শিশুৰ। দেওবাৰে ছত্তীশগড়ৰ অম্বিকাপুৰ মেডিকেল কলেজ হস্পিতালত এই ঘটনা সংঘটিত হয়।

জানিব পৰা অনুসৰি, হস্পিতালত নিশা বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ পৰে। যাৰ ফলত ভেণ্টিলেটৰ বন্ধ হৈ ৪টাকৈ শিশুৰ মৃত্যু হয়। তাৰ পাছতে হস্পিতাল খনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ তুলিলে শিশুকেইটাৰ পৰিয়ালৰ সদস্যই।

প্ৰশাসনেও হস্পিতালখনলৈ গৈ পৰিস্থিতি বুজ লৈছে। হস্পিতালখনে জনাইছে যে ৪ ৰ পৰা ৫ ঘণ্টাৰ ভিতৰত ৪ জন শিশুৰ মৃত্যু হৈছে। ইতিমধ্যে সমগ্ৰ ঘটনাটোৰ বিষয়ে তদন্দ কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

মৃত কেঁচুৱাকেইটাৰ অভিভাৱকে নিশা তিনি ঘণ্টাৰো অধিক সময় চিকিৎসালয়খনৰ বিদ্যুৎ যোগান ব্যাহত হোৱাৰ অভিযোগ উত্থাপন কৰিছে আৰু চিকিৎসালয়ৰ কৰ্মচাৰীসকলৰ বিৰুদ্ধে গাফিলতিৰ অভিযোগ উত্থাপন কৰিছে।

ঘটনাটোক লৈ শোক প্ৰকাশ কৰি ছত্তীশগড়ৰ ৰাজ্যপাল অনুছুইয়া উইকেয়ে ৰাজ্য চৰকাৰক মৃত্যুৰ কাৰণ তদন্ত কৰি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে।