বহিঃৰাজ্যত এগৰাকী ব্যক্তিৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ৪ শ্ৰমিক

0
197
প্ৰতিনিধিত্বমূলক চিত্ৰ

বহিঃৰাজ্যত এগৰাকী ব্যক্তিৰ হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ অসমৰ ৪ শ্ৰমিক।

তামিলনাডুৰ তিৰুচিৰাপল্লী জিলাৰ মানিকান্দম অঞ্চলত এজন ৩৩ বছৰীয়া ব্যক্তিৰ হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত অসমৰ চাৰিজন প্ৰব্ৰজনকাৰী শ্ৰমিকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি দেওবাৰে আৰক্ষীয়ে জানিবলৈ দিয়ে।

থিৰুভাৰুম্বুৰৰ দক্ষিণে থুভাকুডি মালাইৰ বনদয়াৰ গালিৰ কে চক্ৰৱৰ্তী বুলি চিনাক্ত কৰা লোকজনক শনিবাৰে ত্ৰিচীৰ মানিকান্দম অঞ্চলৰ এটা কাঠৰ কলৰ সমীপৰ গছত মৃতদেহ বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছিল।

মৃতদেহটোৰ শৰীৰত বহুতো আঁচোৰৰ চিন থকাৰ লগতে ফুলি থকা পোৱা গৈছিল।

মানিকান্দম আৰক্ষীয়ে বিষয়টোৰ ওপৰত তদন্ত কৰি চাৰিজন কাঠৰ মিলটোৰ কৰ্মীক আটক কৰে। আটকাধীন চাৰিওজন লোক অসমৰ বুলি জানিব পৰা গৈছে।

আটকাধীন লোক কেইজন- ৩৬ বছৰীয়া ফইজল হক, ২২ বছৰীয়া ৰছিদুল ৰহমান, ২২ বছৰীয়া শ্বোছিদুল শ্বেখ আৰু ২৮ বছৰীয়া মুছিফুল হক।

আৰক্ষীয়ে বৰ্তমানে ঘটনাটোৰ তদন্ত চলাই আছে। লগতে আটকাধীন লোক কেইজনকো সোধ পোছ অব্যাহত ৰাখিছে।