ডাইনী সন্দেহত অতিকে ভয়ংকৰ নিৰ্যাতন পৰিয়ালক, মল-মূত্ৰ খাবলৈ বাধ্য কৰোৱাৰ লগতে লোহাৰ ৰোড গৰম কৰি প্ৰহাৰ

0
476

ডাইনী সন্দেহত অতিকে ভয়ংকৰ নিৰ্যাতন পৰিয়ালক, মল-মূত্ৰ খাবলৈ বাধ্য কৰোৱাৰ লগতে লোহাৰ ৰোড গৰম কৰি প্ৰহাৰ

আধুনিকতা আৰু বিজ্ঞানে আজিয়ো ঢুকি পোৱা নাই ভাৰতবৰ্ষৰ বহু ঠাই। যি সময়ত ভৰত এখন উন্নত দেশৰ দিশে আগবঢ়া বুলি দাবি কৰে বহুতে, সেই সময়তে ঝাৰখণ্ডৰ পৰা আহিছে এক গাৰ নোম শিয়ৰি উঠা অতিকে ভয়ংকৰ ঘটনা।

ডাইনী সন্দেহত ঝাৰখণ্ডৰ ডুমকাত তিনিগৰাকী মহিলাকে ধৰি চাৰিজন লোকক মল-মূত্ৰ খাবলৈ বাধ্য কৰোৱা হয়। তাৰ পাছত লোহাৰ ৰোড গৰম কৰি মৰিয়াই মৰিয়াই আধা মৰা কৰা হয় পৰিয়ালটোৰ চাৰিওগৰাকীকে।

জিলাখনৰ চাৰিয়াহাত খণ্ডৰ অন্তৰ্গত আশ্বৰী গাঁৱৰ কেইজনমান লোকে তেওঁলোকক বলপূৰ্বক মল-মূত্ৰ আৰু প্ৰস্ৰাৱ খুৱাইছিল।

লগতে প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, গাঁওবাসীৰ বল প্ৰয়োগত সকলোৰে সমুখত মল-মূত্ৰ খাবলৈ বাধ্য হৈছিল পৰিয়ালটো। পাছত চাৰিওজনক গৰম লোহাৰ ৰডেৰে অত্যাচাৰ কৰা হৈছিল।

পাছে তাতোকৈ চাঞ্চল্যকৰ কথা যে, ইমান অত্যাচাৰৰ পাছতো সেই ৪ ভুক্তভোগীয়ে আৰক্ষীৰ ওচৰত গোচৰ তৰা দূৰৈৰ কথা মুখ পৰ্যন্ত খোলা নাই ঘটনা সন্দৰ্ভত।

দেওবাৰে আৰক্ষীয়ে এই ঘটনা সম্পৰ্কে জানিব পৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হৈ সংকটজনক অৱস্থাত চাৰিওকে উদ্ধাৰ কৰি ততাতৈয়াকৈ হাস্পতাললৈ প্ৰেৰণ কৰে।

কিন্তু , চাৰিওৰে অৱস্থা সংকটজনক হৈ থকাত পাছত উন্নত চিকিৎসাৰ বাবে অন্য চিকিৎসালয়ত ভৰ্তি কৰোৱাই।

তথ্য অনুসৰি, জ্যোতিন মুৰ্মু নামৰ এজন ব্যক্তিয়ে পৰিয়ালটোৰ বিৰুদ্ধে গোচৰ তৰি শনিবাৰে নিশা গাঁৱত এখন সভা আহ্বান কৰে। সভাত শ্ৰীলাল মুৰ্মু নামৰ লোকগৰাকীৰ লগতে পৰিয়ালৰ তিনিগৰাকী মহিলাক ডাইনী বুলি অভিযোগ কৰা হয়।

গাঁওবাসীৰ দাবী, গাঁওখনৰ জন্তু আৰু শিশুসকল তেওঁলোকৰ যাদুবিদ্যাৰ বাবে অসুস্থ হৈ পৰিছে। ইয়াৰ পিছতে, লাঠি আৰু অন্যান্য অস্ত্ৰৰে সজ্জিত প্ৰায় এক ডজন লোকে ভুক্তভোগীসকলৰ ঘৰত আক্ৰমণ কৰে।

পৰিয়ালটোৰ তিনিগৰাকী মহিলা সোণামণি টুডু, ৰাচী মুৰ্মু, কোচা টুডুৰ লগতে শ্ৰীলাল মুৰ্মুক নিৰ্মমভাৱে প্ৰহাৰ কৰা হয়। চাৰিওজনকে গাঁওবাসীয়ে জোৰ কৈ ধৰি বান্ধি তেওঁলোকৰ মুখত বলপূৰ্বক মল আৰু প্ৰস্ৰাৱ কৰে।

ধটনাৰ পাছত ভুক্তভোগীসকলক ভাবুকি দিয়ে যে যদি তেওঁলোকে ঘটনাটো আৰক্ষীক জনায় তেন্তে গোটেই পৰিয়ালটোক হত্যা কৰা হ’ব। শনিবাৰে নিশা এই ঘটনা সংঘটিত কৰাৰ পাছত দেওবাৰে পুৱা ভুক্তভোগীসকলক পুনৰ প্ৰহাৰ কৰা হৈছিল।

এই ঘটনাৰপাছতে আৰক্ষীয়ে নিজাকৈ তদন্ত কৰি ঘটনাৰ সৈতে জড়িত থকা ৬ গৰাকী লোকক আটক কৰি সোধ-পোচ অব্যাহত ৰাখিছে।