অতিকে কৰুণ, সপ্তমীৰ পূজা চাবলৈ গৈ দুৰ্ঘটনাত মৃত্যু এটা পৰিয়ালৰে ৪ গৰাকীৰ

0
56327

অতিকে কৰুণ, সপ্তমীৰ পূজা চাবলৈ গৈ দুৰ্ঘটনাত মৃত্যু এটা পৰিয়ালৰে ৪ গৰাকীৰ

পূজা চাবলৈ বুলি ওলাই গৈছিল পৰিয়ালটো। পাছে মাজবাটতে ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈ প্ৰাণ হেৰুৱালে পৰিয়ালটোৱে।

এই কৰুণ তথা শোকাবহ দুৰ্ঘটনাটো সংঘটিত হৈছে মধ্য প্ৰদেশৰ সাগৰত। এখন গাড়ী-ট্ৰাকৰ সংঘৰ্ষত চাৰিজন লোক নিহত। ইয়াৰ লগতে আনএজন লোক আহত হৈছে।

দুৰ্ঘটনাৰ সময়ত বাহনখনত ৫ গৰাকী লোক আছিল। কেউগৰাকীয়ে একেটা পৰিয়ালৰে লোক আছিল। বৰ্তমানে আহত গৰাকীক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। আহত গৰাকীৰো অৱস্থা কিছু গম্ভীৰ বুলি জানিব পৰা গৈছে।

তথ্য অনুসৰি, আজি পুৱা প্ৰায় ১১ মান বজাত ৰাহাতগড় আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত বাৰখেদিৰ ওচৰত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত মোহিত শুক্লা (৪০), তেওঁৰ পত্নী দক্ষ ওৰফে শ্ৰদ্ধা শুক্লা (৩৫), ১১ বছৰীয়া কন্যা লাৱণ্য শুক্লা আৰু ৬ বছৰীয়া দ্বিতীয় কন্যা মান্য শুক্লাৰ মৃত্যু হয়। আনহাতে পংকজ শুক্লা নামৰ এজনে গাড়ীখন চলাই আছিল।