26 C
Guwahati
Friday, October 7, 2022
More

    মাজ ৰাস্তাত বহি থকা গৰুক বচাবলৈ গৈ চাৰিজন লোকে হেৰুৱালে প্ৰাণ

    মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰ জিলাৰ ঘাইপথত বহি থকা এটা গৰুক বচাবলৈ গৈ এখন এছ ইউ ভি বাহনে পথৰ কাষত ৰৈ থকা এখন ট্ৰাকক খুন্দিওৱাৰ ফলত চাৰিচকীয়া বাহনখনত থকা চাৰিজন লোকৰ মৃত্যু হয়।

    শনিবাৰে মহাৰাষ্ট্ৰ আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে গভীৰ নিশা চন্দ্ৰপুৰ-গঢ়চিৰোলী ঘাইপথত সংঘটিত হয় এই দুৰ্ঘটনাটো। সাওলি থানা এলেকাত সংঘটিত দুৰ্ঘটনাটোত আহত হৈছে এজন লোক।

    নিহতসকলৰ ভিতৰত আছে গঢ়চিৰোলী জিলাৰ ডিজে জকী পংকজ বাগড়ে (২৬)। তেওঁ বন্ধু অনূপ তাদুলৱাৰ (৩৫)ৰ সৈতে ডিজে সামগ্ৰী ক্ৰয় কৰিবলৈ চন্দ্ৰপুৰলৈ গৈছিল।

    সাওলি আৰক্ষী থানাৰ সহকাৰী পৰিদৰ্শক আশীষ বোৰকাৰে জনোৱা মতে, তাদুলৱাৰৰ পত্নী, ভাতৃ আৰু এজন বন্ধু এছ ইউ ভিখনেৰে যাত্ৰা কৰিছিল।

    সামগ্ৰী ক্ৰয় কৰাৰ পিছত ঘূৰি অহাৰ সময়ত দুৰ্ঘটনাটো সংঘটিত হয়।

    ৰাস্তাৰ মাজত বহি থকা এটি গৰু বচাবলৈ গৈ এছ ইউ ভিখন নিয়ন্ত্ৰণ হেৰুৱাই পথত ৰখাই থোৱা এখন ট্ৰাকত খুন্দা মাৰে। ৪ জন লোকৰ থিতাতে মৃত্যু হয়।

    নিহত বাগড়ে আৰু তাদুলৱাৰৰ উপৰি তেওঁৰ পত্নী মহেশ্বৰী (২৪) আৰু মনোজ তীৰ্থগিৰিৱাৰ (২৯)। আহতজনৰ নাম সুৰেন্দ্ৰ মেশ্ৰাম (২৩)।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং